অসম

সদ্য ঘোষিত বাজেটত শিৱসাগৰ নগৰ উন্নয়ন লৈ ১০০ কোটি টকা

প্ৰথম খবৰ,শিৱসাগৰ: অসম চৰকাৰৰ বিত্ত মন্ত্ৰীয়ে কালি দাখিল কৰা বাজেটত আশাৰ বতৰা কঢ়িয়া আনিছে শিৱসাগৰ নগৰলৈ। এই বাজেটত শিৱসাগৰ নগৰ উন্নয়ন শিতানলৈ ধাৰ্য কৰা হৈছে ১০০ কোটি টকা। বহু পুৰণি নগৰ শিৱসাগৰ বহু সমস্যাৰে জৰ্জৰিত। নলা-নৰ্দমা, বাট-পথ, উন্নত বজাৰ-সমাৰ আদি বহু অভাৱত আক্ৰান্ত এই নগৰ খনলৈ বাজেট ঘোষণাই বহু সকাহ দিছে। বাজেট ঘোষণাক কেন্দ্ৰ কৰি উৎসাহিত হৈছে শিৱসাগৰ পৌৰসভা। শিৱসাগৰ পৌৰ সভাই এই পুঁজিৰ জড়িয়তে বহু প্ৰাথমিক সমস্যা সমাধান কৰিব পাৰিব বুলি আজি পৌৰপতিৰ কক্ষত এক সংবাদ মেল যোগে শিৱসাগৰ পৌৰসভা আশাবাদী হোৱাৰ লগতে যোৰহাট লোকসভা সাংসদ গৰাকীৰ প্ৰচেষ্টাতে এই পুজিৰে শিৱসাগৰ পৌৰ সভাই বাজেটত ঠাই পালে বুলি পৌৰপতি মৃদুস্মিতা সিংহা সংবাদ মেল যোগে জানিবলৈ দিছে। এই পুঁজিৰ দ্বাৰা এজাক বৰষুণত বুৰ যোৱা শিৱসাগৰ নগৰৰ নলা-নৰ্দমা নিৰ্মাণৰ লগতে শোচনীয় বাট-পথ নিৰ্মাণ কৰা হ’ব বুলিও পৌৰপতি গৰাকীয়ে প্ৰথম লক্ষ্য হিচাপে লোৱাৰ কথা ব্যক্ত কৰে‌।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close