অসম

সামৰণি পৰিল বাসুদেৱথানৰ দৌলযাত্ৰা মহোৎসৱৰ

ঢকুৱাখনাৰপৰা পাপু বৰুৱা প্ৰথম,খবৰ: শুকুৰবাৰে নিশা এক ভক্তিময়,পৰম্পৰাৰে সামৰণি পৰিল ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত বাসুদেৱথান নৰোৱা সত্ৰৰ দৌলযাত্ৰা মহোৎসৱৰ। নিশা ঘুনুচা বাৰীৰ পৰা কৃষ্ণ গোসাঁইক উভটাই আনি দৌলত প্ৰৱেশ কৰোৱাৰ পিছতে ৰাতি আয়োজিত হয় দিহা নাম,থিয় নামৰ অনুষ্ঠানৰ। অন্তিম দিনাও অগনন ভক্তপ্ৰাণ ৰাইজে দৰ্শন কৰে বাসুদেৱথানৰ দৌলৰ কলীয়া গোসাঁইৰ মূৰ্ত্তি। আৰু হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে সত্ৰৰ ফালৰ পৰা খিচিৰি, চিৰা,দৈ আদি,চাহ- জলপানৰো ব্যৱস্থা কৰা হৈছিল।

Related Articles

Leave a Reply

Close