বিজ্ঞানশীৰ্ষস্বাস্থ্য

সেউজীয়া শাক-পাচলিও হ’ব পাৰে কেনচাৰৰ দৰে মহাব্যাধিৰ কাৰক

গৱেষণাত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য

হিল্লোল জ্যোতি, প্ৰথম খবৰ: সেউজীয়া শাক-পাচলিৰে এতিয়া বজাৰ পয়োভৰ৷ দৈনন্দিন জীৱনৰ খাদ্যাভ্যাসত সেউজীয়া শাক-পাচলিৰ ভূমিকাও গুৰুত্বপূৰ্ণ৷ কিন্তু দৈনন্দিন খাদ্যাভ্যাসত সেউজীয়া শাক-পাচলি গ্ৰহণেৰে আমি প্ৰকৃততে কি আহৰণ কৰিছো? পুষ্টি নে কিবা দুৰাৰোগ্য ব্যাধিৰ কাৰক? কেনেকৈনো সেউজীয়া শাক-পাচলিৰ নামত আমি প্ৰতিনিয়ত নিজৰ দেহত আহৰণ কৰি আহিছো কেনচাৰৰ দৰে মহাব্যাধিৰ কাৰক, এই সন্দৰ্ভত প্ৰথম খবৰৰ এক বিশেষ প্ৰতিবেদন৷

বৈজ্ঞানিক পদ্ধতিৰে উৎপাদনৰ হাৰ বৃদ্ধিৰ বাবে খেতিপথাৰত এতিয়া বহুলভাৱে প্ৰয়োগ হৈ আহিছে কীটনাশক অথবা ৰাসায়নিক সাৰৰ৷ কীটনাশক বা ৰাসায়নিক সাৰৰ প্ৰয়োগে নিশ্চয়কৈ উৎপাদনৰ হাৰ বৃদ্ধি কৰিছে, কিন্তু সেই কৃষিজাত সামগ্ৰীৰ গুণগুত মানদণ্ড কিমান সেইটোহে এতিয়া ডাঙৰ প্ৰশ্ন৷ অধিক মাত্ৰাত কীটনাশক বা ৰাসায়নিক সাৰ প্ৰয়োগেৰে পুষ্টিকৰ সেউজীয়া শাক-পাচলিৰ ৰূপত আমি এতিয়া দৈনিক গ্ৰহণ কৰিছো কেৱল কেনচাৰৰ দৰে মহাব্যাধিৰ কাৰকহে৷  এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে এক গৱেষণাত৷ বৰপেটাৰ মাধৱ চৌধূৰী মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞানৰ সহযোগী অধ্যাপক ৰণজিৎ হাজৰিকাই খেতিপথাৰত কীটনাশক-ৰাসায়নিক সাৰ প্ৰয়োগ আৰু ইয়াৰ পাদুৰ্ভাৱৰ ওপৰত বিগত দুবছৰ ধৰি চলাই আছে এক গৱেষণামূলক অধ্যয়ন৷

এই গৱেষণাত পোহৰলৈ আহিছে যে কৃষিক্ষেত্ৰত অত্যাধিক মাত্ৰাত কীটনাশক-ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত খাদ্যসামগ্ৰী সমূহতো সেই কীটনাশক-ৰাসায়নিক সাৰৰ প্ৰভাৱ থাকি যায়৷ সেই খাদ্যসামগ্ৰীসমূহৰ জৰিয়তে বৰবিহ লেখীয়া সেই ৰাসায়নিক উপাদানসমূহ মানুহৰ শৰীৰত প্ৰৱেশ কৰে আৰু লাহে লাহে ই মানৱ দেহত ৰাসায়নিক ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে৷ যাৰ ফলত মানৱ দেহৰ জেনেটিক বিসংগতি হ’বলৈ আৰম্ভ কৰে আৰু পিছলৈ ইয়েই বহু দুৰাৰোগ্য মহাব্যাধিৰ কাৰক হিচাপে গা কৰি উঠে৷ গৱেষক ৰণজিৎ দাসে এই ভয়ংকৰ তথ্য উপস্থাপন কৰি কয় যে অত্যাধিক মাত্ৰাত প্ৰেষ্টিচাইড খাদ্যসামগ্ৰী গ্ৰহণ কৰিয়েই এতিয়া আমি তিল তিলকৈ আসন্ন মৃত্যুৰ ফালে আগুৱাই গৈ আছো৷ পুষ্টিৰ নামত আমি এতিয়া খাই আহিছো কেৱল বৰবিহ৷ প্ৰেষ্টিচাইড খাদ্যসামগ্ৰীয়ে এতিয়া জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে৷ ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে সৰ্বসাধাৰণ৷

ইয়াৰোপৰি এই গৱেষণাৰ ক্ষেত্ৰভিত্তিক অধ্যয়নত ওলাই পৰিছে যে ভাৰত চৰকাৰৰ অনুমোদন নথকা বহুতো প্ৰেষ্টিচাইড এতিয়াও বজাৰত অবাধে চলি আহিছে৷ কেৱল মুনাফা লাভৰ বাবেই এচাম অসাধু ব্যৱসায়ীয়ে BHC ৰ দৰে ভয়াৱহ প্ৰেষ্টিচাইড সাধাৰণ কৃষক ৰাইজৰ ওচৰত বিক্ৰী কৰি আহিছে৷ এইসমূহ প্ৰেষ্টিচাইডে কৃষকসকলে খেতিপথাৰত ব্যৱহাৰ কৰি আহিছে আৰু দৈনন্দিন জীৱনৰ খাদ্যসামগ্ৰীতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে৷ ইপিনে এই বিষয়ত চৰকাৰৰ ভূমিকা এতিয়াও নিৰ্লিপ্ত হৈ আছে৷ সতেজ শাক-পাচলিৰ ৰূপেৰে এতিয়া বজাৰত কেৱল মহাব্যাধিৰ বৰবিহ৷ বৈজ্ঞানিক পদ্ধতিৰ নামত অতিমাত্ৰা প্ৰেষ্টিচাইড ব্যৱহাৰ কৰা কৃষকসকলক এতিয়া বুজাব কোনে? জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনা এই বিষয়টো সন্দৰ্ভত চৰকাৰৰ ভৱিষ্যৎ কাৰ্যপন্থা কি হ’ব সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close