Home / অসম / সোণাৰিত আলফাৰ কেডাৰ আটক

সোণাৰিত আলফাৰ কেডাৰ আটক

প্ৰথম খবৰ, সোণাৰিঃ সোণাৰিত সেনাৰ আলফা বিৰোধী অভিযান। আলফা স্বাধীনৰ কেডাৰ আটক। ধৃত কেডাৰজন বৰহাট লেফেৰাৰ দ্বীপজ্যোতি গগৈ ওৰফে জান্তো অসম বুলি সেনাৰ সূত্ৰত প্ৰকাশ। ধৃত আলফা কেডাৰজনৰ পৰা আৰক্ষীয়ে এটা পইণ্ট ২২ পিষ্টল, চাৰিজাই সজীৱ গুলী, মবাইল আৰু বিভিন্ন আপত্তিজনক নথিপ্ৰত্ৰ উদ্ধাৰ কৰিছে। ধৃত আলফা কেডাৰজন যোৱা ৫ ফেব্ৰুৱাৰীত বৰহাট চাহ বাগিছাত নিশা গুলী চালনা কৰা ঘটনাত জড়িত আছিল বুলি সেনাই সদৰি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*