সভা-সমিতি

সোণাৰিত ৪২ৰ সেনানী মুক্তিযোদ্ধা মতৰাম হাতীমূৰীয়াৰ ১০২ বছৰীয়া জন্ম দিৱস পালন

সোণাৰিৰপৰা মিতুপৰ্ণ গগৈ, প্ৰথম খবৰ: এশ দুই বছৰত ভৰি দিলে ভাৰতৰ স্বাধীনতা সংগ্ৰামী, মুক্তিযোদ্ধা মতৰাম হাতীমূৰীয়াই।

শতায়ু গৰকা চৰাইদেউ জিলাৰ সোণাৰি বাহবৰীয়া গাঁৱৰ মুক্তিযোদ্ধা মতৰাম হাতীমূৰীয়াৰ ১০২ বছৰীয়া জন্মদিনটো চৰাইদেউৰ সামাজিক আৰু সাংস্কৃতিক সংগঠন সমূহৰ যৌথ উদ্যোগত সোণাৰি চাহ কৰ্মচাৰী সংঘৰ কাৰ্যালয়ত ৰাজহুৱাভাৱে কেক কাটি উলহ মালহেৰে পালন কৰা হয়।

উল্লেখযোগ্য যে, মুক্তিযোদ্ধা গৰাকীক বিগত বৰ্ষৰ ৯আগষ্টত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close