অসম

সোণাৰিত ৫০৩ যোৰা দৰা কইনাই একে লগে বহিল বিবাহত,উৰুলিত মুখৰিত হ’ল টিয়ক ৰজাবাৰী

সোণাৰিৰপৰা মিতুপৰ্ণ গগৈ,প্ৰথম খবৰ: এযোৰ দুযোৰ নহয়,সোণাৰিত একে লগে বিবাহ পাশত আৱদ্ধ হ’ল ৫০৩ যোৰা দৰা কইনাই। আয়তিৰ উৰুলিত মুখৰিত হৈ পৰিল সোণাৰি। সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে ৫০৩ যোৰা দৰা কইনাই বিবাহ পাশত আৱদ্ধ হ’ল সোণাৰিত।
উল্লেখ্য এই অগতানুগতিক বিবাহ চাবলৈকে বিবাহ মণ্ডপত উপস্থিত হ’ল ভালে সংখ্যকলোক। হিন্দু চাহ জনগোষ্ঠী সংস্কৃতি সুৰক্ষা পৰিষদ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা সোণাৰি টিয়ক ৰজাবাৰী ৰাইজ আৰু সেৱায়ন অসম ও সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সহযোগত আয়োজিত সামূহিক বিবাহ অনুস্থানত ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত প্ৰথম বাৰৰ বাবে পাচঁ শতাধিক দৰা কইনাই বিবাহ পাশত আৱদ্ধ হয়।

উল্লেখযোগ্য যে, বিবাহ স্থলীত ভোজ ভাতৰো আয়োজন কৰে উদ্যোগক্তাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close