অসমগুৱাহাটী

স্বাস্থ্যমন্ত্ৰী হিমন্তৰ সমষ্টিত ধপাত গুটখা আৰু সুৰাৰ অবাধ প্ৰচলন

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ: বৰ্তমান সময়ত ধপাত জাতীয় সামগ্ৰী বিলাকে যুৱ প্ৰজন্মক গ্ৰাস কৰি অহাৰ উপৰিও উঠি অহা কিশোৰ কিশোৰী সমূহকো গ্ৰাস কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ লেখিয়াকে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিৰ বিভিন্ন স্থানত স্বাস্থ্যৰ ক্ষতিকাৰক ধপাত তথা গুটখা জাতীয় সামগ্ৰীৰ লগতে সুৰা বৰ্তমান সময়ত অবাধে প্ৰচলিত হৈ আছে।

জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চাংসাৰিৰ চাংসাৰি, জলাহ, ধোপাতাৰী, কহৰা, বোৰ্কা, চৌকিগেট আদি বিভিন্ন অঞ্চলৰ লগতে গৌৰিপুৰ, পানীটেমা, পাইকানাৰ উপৰিও সমীপৱৰ্তী অঞ্চল সমূহত এতিয়া অবাধে এই নিচাজাতীয় গুটখাৰ উপৰিও অন্যান্য স্বাস্থ্য নাশক অবৈধ সামগ্ৰী অনায়াসে অবাধে প্ৰচলন হ’বলৈ লৈছে। সমষ্টিটোৰ বিভিন্ন অঞ্চলৰ তিনিআলি, চাৰিআলি আৰু গাঁৱসমূহৰ সৰু বৰ দোকান সমূহৰ একাংশ দোকানীয়েও গুটখাজাতীয় সামগ্ৰী মুকলিভাৱে বিক্ৰী কৰি আছে। বিভিন্ন কোম্পানীৰ গুটখাৰ সামগ্ৰী যেনে শিখৰ, বিমল, কমলা পচন্দ আদি গুটখা বৰ্তমানৰ যুৱ প্ৰজন্মৰ বাবে অতি চিনাকি নাম। এইধৰণৰ গুটখাজাতীয় সামগ্ৰী সমূহৰ বিক্ৰী ও সেৱনৰ ক্ষেত্রত চৰকাৰীভাৱে নিক্ষেধাজ্ঞা থকাৰ পিছতো আৰক্ষীৰ চকুৰ সন্মুখতে এই অঞ্চলবিলাকত মাৰাত্মাক গুটখাৰ অবাধ বেহা চলি আহিছে। আৰক্ষীৰ সন্মখতে যুৱ তথা নৱ প্ৰজন্মক তিল তিলকৈ মৃত্যুৰ মূখলৈ ঠেলি দিয়া গুটখাজাতীয় সামগ্ৰী অবাধে বিক্ৰী তথা সেৱনৰ দৃশ্য দেখি একাংশ বুদ্ধিজীৱী ও সমাজ সচেতন ব্যক্তিয়ে যথেষ্ট চিন্তিত হৈ পৰিছে। একাংশ হাইস্কুলত পঢ়ি থকা কণ কণ ল’ৰা ছোৱালীয়েও এইধৰণৰ গুটখাৰ কবলত পৰাত পিতৃ-মাতৃ, অভিভাৱক সকল যথেষ্ট চিন্তিত হৈ তেওঁলোকে এনেকুৱা সামগ্ৰী কণ কণ ল’ৰা-ছোৱালীৰ ওচৰত বিক্ৰী কৰা দোকানী সমূহৰ ওপৰত প্ৰশাসনে বিহিত ব্যৱস্থা লোৱাৰ পোষকতা কৰিছে এচাম অভিভাৱকে।
জানিবপৰা মতে, এতিয়া সমষ্টিটোৰ বৃহত্তৰ চাংসাৰিৰ বহুতো অঞ্চলত নিষিদ্ধ ড্ৰাগছ আৰু ভাংৰ অবৈধ ব্যৱসায়ো ৰমৰমীয়াকৈ চলিব ধৰিছে। কেইগৰাকীমান অসত প্ৰবৃত্তিৰ যুৱকে নিজৰ মুনাফাৰ বাবে এইধৰণৰ নিষিদ্ধ ব্যৱসায় চলাই নিয়াৰ কথাও একাংশ সচেতন ব্যক্তিয়ে উল্লেখ কৰিছে। বৃহত্তৰ চাংসাৰিৰ কেইগৰাকীমান মুনাফাখোৰ সমাজ বিধংসী যুৱকে মটৰ বাইকেৰে উত্তৰ গুৱাহাটীৰ দিশেৰে ফেৰী বা ভুটভুটিৰে নদী পাৰ হৈ গুৱাহাটীৰ কোনোবা স্থানৰ পৰা নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰি আনি এই বৃহত্তৰ অঞ্চলটোত কিদৰে তেওঁলোকৰ ব্যৱসায় চলাই নিবলৈ পাৰিছে ইয়াকলৈ সচেতন মহলত নানান প্ৰশ্নৰ অবতাৰণ ঘটিছে। একাংশ ৰাইজৰ মতে কিছু সংখ্যক আৰক্ষীৰ জ্ঞাতসাৰে তেওঁলোকক মেনেজ কৰিয়েই বৃহত্তৰ চাংসাৰি আৰু ইয়াৰ আশে পাশে বহুতো অনৈতিক কাৰ্য্যকলাপ লগতে এইধৰণৰ অবৈধ নিষিদ্ধ ড্ৰাগছ আৰু ভাংৰ ব্যৱসায় চলি আছে বুলিও অভিযোগ উত্থাপিত কৰিছে। ইয়াৰ উপৰিও চাংসাৰিৰ ভালেকেইখন সৰু বৰ দোকানটো চাংসাৰি আৰক্ষী আৰু আবকাৰী বিভাগৰ একাংশক কমিচন খুৱাই সমাজ ও যুৱ প্ৰজন্মক ধ্বংসকাৰী এচাম অসাধু ব্যক্তিয়ে ৰমৰমীয়াকৈ সুৰাৰ অবৈধ ব্যৱসায় চলাই আহিছে। সেয়েহে উপৰোক্ত বিষয় সমূহৰ ওপৰত হস্তক্ষেপ কৰি অতিশীঘ্ৰে জালুকবাৰী সমষ্টিৰ বিভিন্ন অঞ্চলত চলি থকা অনৈতিক কাৰ্য্যকলাপ, অবৈধ ও নিষিদ্ধ ড্ৰাগছ, ভাং, সুৰাৰ ব্যৱসায় লগতে নৱ ও যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি নিয়া গুটখাৰ প্ৰচলন বন্ধ কৰিবলৈ কামৰূপ জিলা ও আৰক্ষী প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক সমষ্টিবাসী সচেতন ৰাইজৰ সমনীতে বৃহত্তৰ চাংসাৰি অঞ্চলৰ একাংশ দল সংগঠনে দাবী জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close