অসম

হঠাৎ অন্তৰ্ধান এয়াৰচেল! পানীত হাঁহ নচৰা অৱস্থাত বিতৰকৰ সংবাদ মেল

নিউজ ডেস্ক, প্ৰথম খবৰ, গুৱাহাটী: ২১ ফ্ৰেব্ৰুৱাৰীত হঠাতে এয়াৰচেলে ভাৰতবৰ্ষত সেৱা বন্ধ কৰি দিয়াৰ ফলত ইতিমধ্যে গ্ৰাহকৰ লগতে বিতৰকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

কোনো আগতীয়া জাননী নিদিয়াকৈ হঠাতে সেৱা বন্ধ কৰি দিয়া এনে কাৰ্যত স্বাভাৱিকতে ক্ষোভিত হৈ পৰিছে অসমৰ বিতৰকসকল।অসমৰ প্ৰায় তিনি শতাধিক বিতৰকৰ প্ৰতিজনৰে ৫০ হাজাৰৰপৰা চাৰি লাখ পৰ্যন্ত আগধন হিচাপে জমা হৈ আছে। গুৱাহাটী প্ৰেছ ক্লাবত আজি সংবাদমেল যোগে এই কথা সদৰি কৰে সদৌ অসম এয়াৰচেল বিতৰক সন্থাৰ হৈ পল্লৱজ্যোতি গগৈয়ে। লগতে তেওঁ কয় যে এয়াৰচেলৰ অসমৰ মুখ্য কাৰ্যালয়ৰ লগত যোগাযোগ কৰিও একো সুদুত্তৰ পোৱা নাই।

আনকি ভৱিষ্যতে এয়াৰচেল চলিব নে নচলে সেয়াও থিৰাং হোৱা নাই। ফলত বিমোৰত পৰিছে অসমৰ এয়াৰচেল বিতৰকসকল। এনে পৰিস্থিতিত অসমৰ মুখ্যমন্ত্ৰী আৰু টেলিকম এন চি এল টি-এ বিষয়টোৰ স্থায়ী সমাধানৰ বাবে আহ্বান জনাইছে সন্থাটোৱে।

Related Articles

Leave a Reply

Close