সভা-সমিতি

হাপামাৰা কৃষিপাম সমিতিৰ সোণালী জয়ন্তী উৎসৱ

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: দৰং জিলাৰ হাপামাৰা কৃষিপাম সমিতিৰ ১৪, ১৫ আৰু ১৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া হাপামাৰা কৃষিপাম সমিতিৰ সোণালী জয়ন্তী উৎসৱৰ লাইখুঁটা স্থাপন কৰে সমিতিৰ উপদেষ্টা গংঙ্গাৰাম ডেকাই।

১৯৬৭ চনতে জন্ম লাভ কৰা হাপামাৰা কৃষিপাম সমিতিখনে হাপামাৰা, সেনাপতিপাৰা, মহলিয়াপাৰা, বৈৰাগীপাৰা আৰু ভকতপাৰাৰ অংশ বিশেষ কৃষকক লৈ গঠন কৰা সমিতিখনে কৃষক সকলৰ বাবে বিভিন্ন ধৰণে কাম কৰি আহিছে। সোণালী জয়ন্তী অতিক্রম কৰা সমিতিখনে সোণালী জয়ন্তী উৎসৱটি উদযাপন কৰাৰ বাবে ইতিমধ্যে ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়াক মুখ্য পৃষ্ঠপোষক, লোহিত চন্দ্ৰ শৰ্মাক সভাপতি, দানেশ্বৰ চহৰীয়াক উপসভাপতি, মৃত্যুঞ্জয় ডেকাক(মুন) মুখ্য সম্পাদক আৰু মুনিন্দ্ৰ নাথক সহঃ সম্পাদক হিচাপে লৈ ইতিমধ্যে উদযাপন সমিতিখন গঠন কৰি প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া সোণালী জয়ন্তী উৎসৱৰ প্ৰতিটো কাৰ্যসূচীতে ৰাইজৰ সহায় সহযোগিতা উদযাপন সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close