অসমতেজপুৰ

৮৩বছৰীয়া ঐতিহ্যমণ্ডিত মিলন বাকৰি ৰাস মহোৎসৱৰ স্থাপনৰ দাবীত মুখ্যমন্ত্ৰীক সাক্ষাৎ

তেজপুৰৰপৰা অপুৰ্ব বৰা,প্ৰথম খবৰ: ১৯৩৬ চনত তেজপুৰৰ উত্তৰ পশ্চিম তেজপুৰ অঞ্চলত প্ৰতিষ্ঠা হোৱা ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱৰ আজি ৮৩ বছৰত ভৰি দিলে যদিও আজিকোপতি যিদৰে আন্তঃগাঠনি উন্নতি হ’ব লাগিছিল হোৱা নাই। ৰূপালী জয়ন্তী, সোণালী জয়ন্তী, হীৰক জয়ন্তী সমাৰোহ আয়োজন কৰিছিল যদিও আন্ত:গাঠনিৰ উন্নতি হোৱা দেখা নগ’ল। মিলনবাকৰি ৰাস মহোৎসৱ স্থলিত এটি সাংস্কৃতিক প্ৰকল্প দাবী জনাই কালি মিলনবাকৰি ৰাস মহোৎসৱৰ এটি সজাতি দলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে। মিলনবাকৰি ৰাস মহোৎসৱ সভাপতি গোলাপ বৰুৱা, শোণিতপুৰ জিলা সাহিত্য সভা সহ:সম্পাদক অপুৰ্ব বৰা, মিলনপুৰ ডিপোটা ছাত্ৰ শাখা ছাত্ৰ সন্থাৰ সভাপতি নয়নমনি শইকীয়াৰ নেতৃত্ব দল এটাই অসম বিধান সভাৰ সদনৰ মুখ্যমন্ত্ৰী জিৰণী কক্ষত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিপুলভাৱে আদৰণী জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে মিলনবাকৰি ৰাস মহোৎসৱৰ জৰিয়তে প্ৰদান কৰা স্মাৰক পত্ৰখন ওপৰত ব্যৱস্থা গ্ৰহণ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আনহাতে সজাতি দলটোৱ তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীকো সাক্ষাৎ কৰে।

Related Articles

Leave a Reply

Close