অসম

ৰংছাইত শিক্ষা মূলক সজাগতা সভা

আগিয়াৰপৰা উদ্ধৱ চন্দ্ৰ নাথ,প্ৰথম খবৰ: গোৱালপাৰা জিলাৰ অন্তৰ্গত দদান মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আৰু ৰংছাই হাই স্কুলৰ সহযোগত অহা ১৭ মাৰ্চ তাৰিখে দিনৰ ১১:০০ বজাৰ পৰা দিনজৰা কাৰ্যসূচীৰে ৰংছাই হাই স্কুল প্ৰাঙ্গনত শিক্ষা মূলক সজাগতা সভা অনুষ্ঠিত কৰিব বুলি এক প্ৰেছ বিবৃত্তিত ৰংছাই হাই স্কুলৰ প্ৰধান শিক্ষক ৰুদ্ৰজিত নাথে জানিবলৈ দিয়ে। প্ৰাপ্ত বাতৰি মতে উক্ত দিনা সৰ্বেপল্লী ৰাধা কৃষ্ণণৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পনেৰে সভা মুকলি কৰি ৰাভা হাচং এলেকাৰ অন্তৰ্ভুক্ত বিদ্যালয় সমূহৰ ওপৰত বিস্তৃত ভাবে পৰ্যালোচনা কৰাৰ লগতে শিক্ষাৰ ওপৰত গভীৰ ভাৱে আলোকপাত কৰা হ’ব। জানিব পৰা মতে উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা (আৰ এইছ এ চি) দুধনৈ। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ঘনশ্যাম দাস ,জিলা উপায়ুক্ত গোৱালপাৰা। নৃপেন দাস জিলা শিক্ষা বিষয়া গোৱালপাৰা,বাজলুল বাসিদ চৰকাৰ ভাৰপ্ৰাপ্ত শিক্ষা বিষয়া লক্ষীপুৰ,স্বহিদা খাতুন আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী লক্ষীপুৰ আৰু জ্যোতিকা ৰাভা,আৰ এইছ এ চি সদস্য দদান। উক্ত দিনৰ অনুষ্ঠানত ৰাভা হাচং মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ১৭ খন বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলৰ লগতে বিদ্যালয় সমূহৰ সাধাৰণ শিক্ষক সকলেও উপস্থিত থাকিব বুলি জানিব পৰা গৈছে আনহাতে উক্ত অনুষ্ঠান সাফল্য মণ্ডিত কৰিবলৈ ৰাইজৰ সহায় সহযোগিতা পৰিচালনা সমিতিয়ে বিচাৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close