অসমশীৰ্ষ

ৰঙিয়াত এন আৰ চিৰ কেন্দ্ৰত পুনৰ মিলন পূৰ্ব ৪২ বছৰৰ অপেক্ষাৰ অন্ত পৰিল

প্ৰথম খবৰ,ৰঙিয়া: সুদীৰ্ঘ ৪২ বছৰ প্ৰতীক্ষাৰ অন্তত আজি ৰঙিয়াত মিলন হ’ল তিনি ভগ্নীৰ। এই অসম্ভৱ ‌সম্ভৱ হ’ল একমাত্ৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ(এন আৰ চি) পুনৰীক্ষণ প্ৰক্ৰিয়াৰ বাবে। এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰণয়নৰ বাবে সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে বংশ বৃক্ষ পৰীক্ষণ। এই পৰীক্ষণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে ৰঙিয়াৰ এগৰাকী মহিলাই বিচাৰি পালে প্ৰায় ৪২ বছৰ পূৰ্বে হেৰাই যোৱা নিজৰ ভগ্নীৰ লগতে অন্যান্য পৰিজন। তেওঁলোকৰ এই মিলনে অকল যে তেওঁলোকক আবেগিক কৰি তুলিছে সেয়া নহয় আবেগিক কৰি তুলিছে কেন্দ্ৰটোৰ সকলো কৰ্মী আৰু উপস্থিত স্থানীয় ৰাইজক। ৪২ বছৰৰ বিৰতিৰ পাছত বিস্মৃতিৰ গহ্বৰত নিমজ্জিত হোৱা আত্মীয় স্বজনক পাই হুকহুকাই কান্দি কান্দি এক আচহুৱা পৰিৱেশৰ সৃষ্টি কৰা দৃশ্যই সকলোৰ চকু সেমেকাই তোলে। ৰঙিয়াৰ পদুম কুঁৱৰী এন আৰ চি কেন্দ্ৰত প্ৰায় ৬০ বছৰ পাছত দুই পৰিয়ালৰ মিলনে সংবাদ শিৰোনামা দখল কৰাৰ পাছত আজি পুনৰ ৪২ বছৰৰ মূৰত দুই ভগ্নীৰে সৈতে ৰঙিয়াৰ পাৰ্বতী লোহাৰ নামৰ এগৰাকী মহিলাৰ পুনৰ মিলন ঘটোৱা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে ৷ সুদীৰ্ঘ ৪২ বছৰকাল পৃথকে বসবাস কৰাৰ অন্তত তিনি ভগ্নীয়ে এন আৰ চিত নামভৰ্ত্তিৰ বাবে প্ৰমাণ পত্ৰত একেজন পিতৃৰ লিগেচী ডাটা লিপিবদ্ধ কৰাত এন আৰ চি কৰ্ত্তৃপক্ষই তিনিওগৰাকীকে অলপতে জাননী জাৰি কৰিছিল পুনৰীক্ষণৰ বাবে৷ সেইমৰ্মে আজি তিনিও ভগ্নী ৰঙিয়া পৌৰসভাৰ কাৰ্যালয়ত স্থাপন কৰা এন আৰ চিৰ প্ৰপত্ৰ পুনৰীক্ষণ কেন্দ্ৰত উপস্থিত হোৱাৰ পাছত এন আৰ চি পুণৰবিক্ষণৰ দায়িত্বত থকা বিষয়া বসন্ত ডেকাই সোধাপোছা কৰাত পূৰ্বৰ সকলো কাহিনী ৰোমন্থনেৰে তেওঁলোকৰ আৱেগিক মিলনৰ সূচনা হয়৷

প্ৰাপ্ত তথ্য অনুসৰি, বাকসা জিলাৰ তামুলপুৰৰ বাৰেগাৱঁৰ প্ৰয়াত গোলাপ ৰবি দাসৰ কন্যা পাৰ্বতী লোহাৰে প্ৰায় ৪২ বছৰ পূৰ্বে লোকৰ ঘৰত বন কৰিবলৈ অহা সূত্ৰে ঘৰৰ পৰা ওলাই আহিছিল আৰু ৰঙিয়াত থিতাপি লৈ এঘৰত থাকিবলৈ লৈছিল৷ সেই সময়ত ছবছৰীয়া পাৰ্বতী লোহাৰে তামুলপুৰৰ বাৰেগাৱঁৰ ঘৰখনত এৰি আহিছিল শেৱালী ৰবি দাস, মল্লিকা ৰবি দাস আৰু বুধিয়া ৰবি দাস (পৰৱৰ্তী সময়ত হৰিজন উপাধি গ্ৰহণ কৰা) নামৰ তিনিগৰাকী ভগ্নীৰ লগতে শ্যামলাল ৰবি দাস নামৰ একমাত্ৰ ভাতৃক৷ চৰম দৰিদ্ৰতাৰ সৈতে যুঁজ দিবলৈ বাধ্য হোৱা গোলাপ ৰবি দাসৰ পৰিয়ালৰ সদস্যসকলে সেই দিন ধৰি দৰিদ্ৰতাৰ বাবেই পাৰ্বতীৰ খবৰ খাতি ল’বলৈ পাহৰি পেলালে৷ ইফালে পাৰ্বতীয়ে ৰঙিয়াৰ  ইঘৰ সিঘৰত কাম বন কৰি এসময়ত ৰঙিয়া ৬নং ওৱাৰ্ড(সৰস্বতী কলনি)ৰ ৰামজিত লোহাৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ল৷ সম্প্ৰতি পাৰ্বতী লোহাৰ এজন পুত্ৰ সন্তানৰ লগতে তিনিগৰাকী কন্যা সন্তানৰ মাতৃ আনহাতে প্ৰয়াত গোলাপ ৰবি দাসৰ তিনি কন্যা আৰু পুত্ৰয়ো তামুলপুৰৰৰ বাৰেগাৱঁত কালক্ৰমত বিয়াবাৰু কৰাই নিজ নিজ সংসাৰৰ অধিকাৰী হ’ল৷ সম্প্ৰতি তিনি ভগ্নীৰ বুধিয়া হৰিজনৰ ৩ বছৰ পূৰ্বে বিহাৰত আৰু ভাতৃ শ্যামলাল ৰবি দাসৰ ১৭ বছৰ পূৰ্বে তামুলপুৰত মৃত্যু হয়৷ আটাইকেইগৰাকী ভগ্নীৰ জীৱন পৰিক্ৰমা ইমানদিনে ঠিকে আছিল৷ পিছে এন আৰ চিত নাম ভৰ্ত্তিৰ বাবে প্ৰমাণ পত্ৰ পূৰণৰ সময়ত দুখন ভিন্ন ঠাইত অচিনাকী হৈ বাস কৰা তিনি ভগ্নীয়ে একেজন পিতৃ গোলাপ ৰবি দাসৰ লিগেচী ডাটা ব্যৱহাৰ কৰাত সকলো কাহিনী উন্মোচিত হয়৷ এন আৰ চিৰ প্ৰপত্ৰৰ বংশ বৃক্ষৰ তথ্য উল্লেখ কৰিবলগীয়া অংশত তামুলপুৰত বাস কৰা দুই ভগ্নীয়ে ৰঙিয়াত বাস কৰা ভগ্নী পাৰ্বতী লোহাৰৰ তথ্য সন্নিৱিষ্ট কৰাৰ পৰা বিৰত থকাত এন আৰ চি কৰ্ত্তৃপক্ষই তিনিও ভগ্নীলৈ জাননী জাৰি কৰি ৰঙিয়া পৌৰসভাৰ  কাৰ্যালয়ত স্থাপন কৰা এন আৰ চিৰ প্ৰপত্ৰ পুনৰীক্ষণ কেন্দ্ৰত উপস্থিত হবলৈ নিৰ্দেশ দিয়ে ৷ সেইমৰ্মে আজি তামুলপুৰৰ দুই ভগ্নী শেৱালী ৰবি দাস আৰু মল্লিকা ৰবি দাসৰ লগতে প্ৰয়াত শ্যামলাল ৰবি দাসৰ এজন পুত্ৰ আহি ৰঙিয়া পৌৰসভা কাৰ্যালয়ৰ কেন্দ্ৰটোত হাজিৰ হয় ৷ ইপিনে ৰঙিয়াৰ সৰস্বতী কলনিত বাস কৰা পাৰ্বতী লোহাৰো আহি কেন্দ্ৰটোত উপস্থিত হয় ৷ আটাইকেইজনে এন আৰ চিৰ বিষয়াৰ আগত নিজৰ পক্ষত জবানবন্দী দিবলৈ ধৰাৰ লগে লগে তেওঁলোকৰ সম্মুখত ৪২ বছৰ পূৰ্বৰ সকলো কাহিনী আহি ধৰা দিয়েহি ৷ সুদীৰ্ঘ ৪২ বছৰৰ মূৰত তিনি ভগ্নীয়ে ইজনে সিজনক পাই আৱেগ বিহ্বল হয় আৰু কান্দোনত ভাগি পৰে ৷ তিনি ভগ্নীৰ  মিলনৰ দৃশ্যই এন আৰ চি কেন্দ্ৰটোত এক অভাৱনীয় পৰিৱেশৰ সূচনা কৰে ৷ এন আৰ চিৰ লিগেচী ডাটাৰ মাধ্যমেৰে তিনি ভগ্নীৰ মাজত ঘটা আজিৰ মিলনৰ দৃশ্যই অভিভূত কৰি তোলে পৌৰসভা কাৰ্যালয়লৈ অহা প্ৰতিজন লোককে আৰু কৰ্মী সকলক। উল্লেখ্য ৪২ বছৰ পূৰ্বে গৃহ ত্যাগ কৰা পাৰ্বতী লোহাৰে তেওঁৰ প্ৰিয় ককায়েক শ্যাম লাল ৰবি দাস আৰু কনিষ্ঠ ভগ্নী বুধিয়াৰ অকাল মৃত্যুৰ বাতৰি আজিহে লাভ কৰাৰ পাছত শোকত ম্ৰিয়মান হৈ পৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close