অসম

ৰঙিয়াৰ চেপ্তিত ভয়াৱহ পথ দূৰ্ঘটনা

প্ৰথম খবৰ,ৰঙিয়া:ৰঙিয়াৰ ওচৰৰ চেপ্তিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত পথ দুৰ্ঘটনা যেন এক নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। প্ৰায় প্ৰত্যেকদিন এই অঞ্চলত ধাৰাবাহিক ভাৱে পথ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ মাজতে আজি পুণৰ এক ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয়। পথ দূৰ্ঘটনাটোত দুই মোটৰ চাইকেল আৰোহী গূৰুতৰ ভাৱে আহত হয়। ৰঙিয়াৰ পৰা মোটৰ চাইকেলেৰে গুৱাহাটী অভিমুখে ৰাষ্ট্ৰীয় ঘাই পথেৰে গৈ থকা অৱস্থাত পিছফালৰ পৰা মহেন্দ্ৰ পিক আপ ভান এখনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰি আৰোহী দুগৰাকীক মহতিয়াই নিয়ে। ফলত আৰোহী দুজন ক্ৰমে তফাজুল হুছেইন আৰু আশ্ৰাফ আলী গুৰুতৰভাৱে আহত হয়। পিছত স্থানীয় ৰাইজে তটাতৈয়াকৈ আহত লোক দুজনক উদ্ধাৰ কৰি ৰঙিয়াৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ অন্তত দুয়োগৰাকী লোককে উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত উত্তৰ গুৱাহাটীৰ জি এন আৰ চিত প্ৰেৰণ কৰে। আহত আশ্ৰফ আলীৰ অৱস্থা অত্যন্ত সংকটজনক বুলি চিকিৎসকে জানিবলৈ দিছে। ইপিনে আহত লোক দুজনৰ ঘৰ দৰং জিলাৰ কমাৰ গাঁও আৰু জয়ন্তীপুৰ হালধাত বুলি জানিব পৰা গৈছে। দূৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ৰঙিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দূৰ্ঘটনাগ্ৰস্ত বাইকখনৰ লগতে মহেন্দ্ৰ পিক আপ ভান জব্দ কৰি থানালৈ লৈ আহে।

Related Articles

Leave a Reply

Close