অসম

ৰঙিয়া এ’পল মিলত ৰাজ্য চৰকাৰে দহ কোটি টকাৰ অনুদান দিয়াৰ সিদ্ধান্তত উৎফুল্লিত এ’পল কৰ্মচাৰী:আৱতৰীয়া ফাকুৱাৰ ৰং,ফটকা ফুটাই আনন্দ উল্লাস

প্ৰথম খবৰ,ৰঙিয়া :অসমৰ আগশাৰীৰ একমাত্ৰ বস্ত্ৰ উদ্যোগ ৰঙিয়া তুলসীবাৰীস্থ এ’পল মিলটো পুনজ্জীৱিত কৰাৰ বাবে মিলটোৰ শ্ৰমিক তথা ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ পিচত মিলটোৰ শ্ৰমিক সকললৈ আহিছে এক সুখৰ বাৰ্তা। ৰাজ্য চৰকাৰৰ কেবিনেটে ৰঙিয়াৰ এ’পল মিলটো পুনৰ কাৰ্য্যক্ষম কৰাৰ বাবে যোৱা কালি অৰ্থাৎ বুধবাৰৰ কেবিনেটে দহ কৌটি টকা ধাৰ্য্য কৰাত উৎফুল্লিত হৈ পৰিছে এ’পল মিলৰ শ্ৰমিক সকলৰ লগতে তুলসীবাৰী অঞ্চলৰ ৰাইজ তথা শ্ৰমিক সন্থা আৰু আছুৰ কৰ্মকৰ্তা সকলোৱে। সংবাদ মাধ্যমৰ জৰিয়তে মিলটো কাৰ্য্যক্ষম কৰাৰ বাবে ৰাজ্যৰ সোনাৱাল চৰকাৰে অনুদান আগবঢ়োৱা বিষয়টো সকলোৱে জানিবপাৰি মিলটোৰ সন্মুখত এক উৎসৱমূখৰ পৰিবেশে বিৰাজ কৰে। এ’পল মিল শ্ৰমিক সন্থা,বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থা,ৰঙিয়া সচেতন নাগৰিক মঞ্চ,মিলটোৰ শ্ৰমিক কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ উপস্থিত হৈ বিভিন্ন ৰংৰে ফাকুখেলি,ফটকা ফুটাই আনন্দ উল্লাখত মতলিয়া হৈ পৰে। ইফালে ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাও শ্ৰমিক-কৰ্মচাৰী সকলৰ আনন্দ উল্লাসত ভাগলৈ ৰাজ্যচৰকাৰে ৰঙিয়াৰ এ’পল মিলটো পুনৰ কাৰ্য্যক্ষম কৰাৰ বাবে দহ কোটি টকা অনুদান দিয়াৰ সিদ্ধান্ত লোৱা বিষয়টোক আঁদৰনি জনায়।  আনহাতে এনে সিদ্ধান্তৰ বাবে ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,ৰাজ্যৰ বিত্ত বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চিথা আয়োগৰ উপাধ্যক্ষ দীপক বৰঠাকুৰক বিশেষ ভাবে ধন্যবাদ জনাই বিধায়ক কলিতাই । ৰঙিয়াৰ বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমক আৰু জানিবলৈ দি কয়যে ২০০৩ চনত বন্ধহৈ পৰা ৰঙিয়াৰ এ’পল মিলটো কেনেদৰে কাৰ্য্যক্ষম কৰিব পাৰি এই সন্ধৰ্ভত যোৱা এবছৰে বিভিন্ন ধৰনে অধ্যায়ন কৰি ৰাজ্য চৰকাৰৰ পৰা পুঁজিৰ অনুদানৰ বাবে মূখ্যমন্ত্ৰী পুঁজিৰ অনুদানৰ বাবে মূখ্যমন্ত্ৰীৰ লগত আলোচনা কৰা হৈছিল। আলোচনাৰ পিচত ৰাজ্যৰ প্ৰশাসনীয় মূৰৰ্ব্বী বিষয়াৰ দ্বাৰা মিলটো পৰ্য্যাবেক্ষণ কৰি প্ৰতিবেদন দাখিল কৰাৰ পিচত চৰকাৰৰ তৰফৰ পৰা উক্ত সিদ্ধান্তটো লোৱা হৈছিল। যাৰ ফলত আজি পুণৰবাৰ ৰঙিয়া এ’পল মিলত কৰ্মৰত শ্ৰমিক সকলে কৰ্মসংস্থাপন ঘুৰাই পাবলৈ সক্ষম হ’ব। ইয়াৰ উপৰিও বিধায়ক কলিতাই গুৰুত্বপুৰ্ণ দিশ কেইটামান উল্লেখ কৰি কয়যে ৰঙিয়া এ’পল মিলটো যাতে ডক্ষ্য পৰিচালকৰ অভাবত পুণৰ মৃত্যুৰ ফালে গতি নকৰে সেই কাৰণে ইতিমধ্য এজন সঞ্চালক নিযুক্তি দিয়াৰ বাবে সাক্ষাৎকাৰ লোৱা হৈছে।  ইয়াৰ উপৰিও এজন অৱসৰ প্ৰাপ্ত আই এচ বিষয়া বা এজন এ চি এচ বিষয়াক প্ৰশাসনীক বিষয়া হিচাপে নিযুক্তি দিয়াৰ চিন্তা কৰা হৈছে। গুৰুত্বপূৰ্ণ বিষয় হ’ল যে ৰঙিয়া এ’পল মিলটোৰ তিনিটাকৈ ইউনিট ক্ৰমে প্ৰচেচিং,উইভিং আৰু ডাইং ২০০৩ চনৰ পৰা ধাৰাবাহিক ভাবে বন্ধ হৈ পৰাত মিলটোত কৰ্মৰত বহু শ্ৰমিক কৰ্মচাৰী দিনহাজিৰা কৰি পৰিয়াল চলাবলগাত পৰিছিল। আনকি মিলটোৰ কেইবাজনো শ্ৰমিকে আৰ্থিক অভাবত মৃত্যুক সাৱতী ল’ব লগাৰ দৰে মৰ্মান্তিক ঘটনাও সংঘটিত হৈছে। এনে সময়তে এ’পল মিল শ্ৰমিক কৰ্মচাৰী আৰু আছুয়ে ৰঙিয়াৰ বিভিন্ন দল সংগঠনৰ সহযোগত ধাৰাবাহিক ভাবে আন্দোলন অব্যহত ৰাখি বিষয়টো ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাৰ দৃষ্টিগোচৰ কৰে। ইয়াৰ পিচতে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মূখ্য সচিৱ তথা সমবায় বিভাগৰ সচিৱ ভি এন ভাস্কৰৰ নেতৃত্বত কেইজনমান বিষয়াই মিলটোৰ সন্ধৰ্ভত গভীৰভাবে অধ্যায়ন কৰি মিলটো কাৰ্য্যক্ষম কৰাৰ বাবে আশ্বাস প্ৰদান কৰিছিল। লগে লগে ৰঙিয়াৰ বিধায়ক গৰাকীয়ে আন্দোলন ব্ন্ধৰাখি কিছুদিন অপেক্ষা কৰাৰ বাবে শ্ৰমিক সন্থা আৰু আছুক অনুৰোধ জনাইছিল। এই সম্পৰ্কত এ’পল মিল শ্ৰমিক সন্থাৰ সভাপতি দুৰ্গা কলিতা আৰু সম্পাদক দুৰ্গা হালৈয়ে জানিবলৈ দিয়া মতে বিধায়ক গৰাকীৰ অনুৰোধ মৰ্মে আন্দোলন স্থগিতৰাখি অপেক্ষাৰ অন্তত যোৱা কালি অসম চৰকাৰে কেবিনেটৰ জৰিয়তে ৰঙিয়া ৰাইজক মিল সম্পৰ্কত ভাল খবৰটো দিয়ে।  এ’পোল মিলৰ আজিৰ উৎসৱমূখৰ পৰিবেশত বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশ্ব কলিতা,সম্পাদক ভূপেন কলিতা উপস্থিত থাকে।

Related Articles

Leave a Reply

Close