অসম

ৰঙিয়া ৰে’লৱে সুৰক্ষা বলৰ একতাৰ বাবে দৌৰ ‌

প্ৰথম খবৰ, ৰঙিয়া: ৰে’লৱে সুৰক্ষা বলৰ বিষয়া, জোৱান আৰু ৰে’ল যাত্ৰী সকলৰ মাজত একতা, ভ্ৰাতৃত্ব বোধ লগতে পাৰস্পৰিক বুজাবুজি বৃদ্ধিৰ লগতে জোৱান আৰু বিষয়া সকলৰ শাৰিৰীক সুস্থতা অটুট ৰখাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি ৰঙিয়া ৰে’ল সংমণ্ডলৰ তৰফৰপৰা সোমবাৰে পুৱা ৫ বজাত এক মাৰাথন দৌৰ অনুষ্ঠিত কৰা হয়।

পতাকা জোকাৰি এই দৌৰৰ উদ্বোধন কৰে ৰে’লৱে মাণ্ডলিক সহকাৰী সুৰক্ষা আয়ুক্ত মহঃ এহসান আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অশোক দাসে। এই মাৰাথন দৌৰ ৰঙিয়া ৰে’লৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ৰ পৰা যাত্ৰা আৰম্ভ কৰি ৰঙিয়া চহৰৰ ৫ কিলোমিটাৰ অঞ্চল দৌৰি পুনৰ ৰে’ল সংমণ্ডলৰ কাৰ্যালয়ত সমাপন কৰে। ৰে’লৱে সুৰক্ষা বলৰ উচ্চ পদস্থ বিষয়াৰ নিৰ্দেশ মৰ্মে সমগ্ৰ দেশৰ লগতে ৰঙিয়া ৰে’ল সংমণ্ডলতো দৌৰৰ আয়োজন কৰা হয়। দৌৰত ৰঙিয়াৰ উপৰিও নলবাৰী, বৰপেটা, বঙাইগাও, চাংসাৰি পাণ্ডু, মালিগাওঁ, উত্তৰ লখিমপুৰ, ধেমাজি, ৰঙাপৰা আদি ষ্টেচনৰ পৰা শতাধিক আৰ পি এফ জোৱান আৰু বিষয়াই অংশ গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close