সভা-সমিতি

ৰাইদঙ্গীয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ভৱনৰ অাধাৰশিলা স্থাপন

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত,প্ৰথম খবৰ: নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ৰাইদঙ্গীয়া (আতোৱাটিকা)ত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য ভবেন্দ্ৰ নাথ ডেকাই বিশ্ববিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰে। অাধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকা, ট্ৰাষ্ট সমিতিৰ সভাপতি বাবুল বৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বহুকেইজন বিষয়ববীয়া। অাধাৰশিলা স্থাপনৰ অনুষ্ঠান উপলক্ষে সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত এখনি সভাও অনুস্থিত হয়। আনহাতে অসম চৰকাৰে দহ লাখ টকা অনুদান হিচাপে অাগবঢ়াই বিশ্ববিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ বাবে। অহা বছৰৰ ভিতৰতে বিশ্ববিদ্যালয় খনৰ পাঠদান অাৰম্ভ হ’ব বুলি জনায় বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই। আজিৰ এই আধাৰশিলা অনুষ্ঠানৰ পিছত অনুষ্ঠিত সভাত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচৰ্য তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° কন্দৰ্প কুমাৰ ডেকা, প্ৰধান সম্পাদক প্ৰফুল্ল বৰা, ট্ৰাষ্ট সমিতিৰ সভাপতি বাবুল বৰাকে আদি কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেইবাজনো বিষয় ববীয়াই নিৰ্মাণ হ’ব লগীয়া শংকৰদেৱ বিশ্ববিদ্যালয়ৰ লক্ষ্য আৰু উদ্দেশ্যেৰ ওপৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। আজিৰ এই সভাত এম এছ এছ ইউ ৰ পঞ্জীয়ক বিষয়া ড° ৰাতুল চন্দ্ৰ বৰা, শংকৰদেৱ ভৱন আৰু গৱেষণা কেন্দ্রৰ সঞ্চালক কুশল ঠাকুৰীয়া, যুটীয়া সম্পাদক প্ৰকাশ দত্ত, ট্ৰাষ্ট সমিতিৰ সম্পাদক যুগেন্দ্ৰ মহেলা, মণিকাঞ্চনৰ সম্পাদক মুনীন্দ্ৰ মহন্ত, ডেকাগিৰি সম্পাদক প্ৰদীপ হাজৰীকা, কেন্দ্ৰীয় সেৱা-বাহিনীৰ মুখ্য অধিনায়ক শংকৰ শইকীয়া, শিশু আইমাতৃ কল্যাণ সমিতিৰ সভানেত্রী-সম্পাদীকা, শিক্ষা শাখাৰ সভাপতি-সম্পাদক আৰু শতাধিক ভক্ত-প্ৰাণ ৰাইজ উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close