
নিউজ ডেস্ক,প্ৰথম খবৰঃৰাজ্যত সঘনাই ঘটি থকা বিভিন্ন হত্যা-হিংসা আৰু নাৰীজনিত অপৰাধ ৰোধ কৰিবলৈ ৰাজ্যত স্থাপন হ’বলৈ গৈ আছে ফাষ্ট ট্ৰেক আদালত৷
বিগত কেইবাদিনৰপৰা ৰাজ্যত শিশু আৰু নাৰীৰ ওপৰত চলি থকা নানান নিৰ্যাতন আৰু ধৰ্ষণ কাণ্ডৰ দৰে জঘন্য ঘটনাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিশু আৰু নাৰীজনিত গোচৰৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ ফাষ্ট ট্ৰেক আদালত স্থাপনৰ বাবে ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ প্ৰেৰণ কৰাৰ পিছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি প্ৰদান কৰে এই গুৰত্বপূৰ্ণ নিৰ্দেশ৷