অসমবৰপেটা

ৰাষ্ট্ৰীয় আৱিস্কাৰ অভিযানৰ উদ্যাগত ব্যাসকুছি হাইস্কুলত জ্ঞান-বিজ্ঞান মেলা সম্পন্ন

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ ব্যাসকুছি হাইস্কুলত আজি ৰাষ্ট্ৰীয় আৱিস্কাৰ অভিযানৰ উদ্যোগত এখন জ্ঞান-বিজ্ঞান মেলা সফল ভাবে সম্পন্ন হয়৷ ব্যাসকুছি হাইস্কুত আয়োজন কৰা এই জ্ঞান-বিজ্ঞান মেলাত ব্যাসকুছি মণ্ডল সমল কেন্দ্ৰৰ ব্যাসকুছি হাইস্কুল আৰু ব্যাসকুছি মজলীয়া বিদ্যালয়, বেলবাৰী মণ্ডল সমল কেন্দ্ৰৰ মধ্য সৰুক্ষেত্ৰী হাইস্কুল, ভকুৱাটেপা মিলন বিদ্যাপীঠ, মধ্য ইংৰাজী বিদ্যালয়, মনোহৰদেৱ হাইস্কুল আৰু বৰমাৰা মণ্ডল সমল কেন্দ্ৰৰ ভোগদিয়া মধ্য ইংৰাজী মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে৷

অনুষ্ঠানৰ বিজ্ঞান আৰু গণিতৰ প্ৰদৰ্শনী উদ্বোধন কৰি ব্যাসকুছি হাইস্কুলৰ প্ৰধান শিক্ষক ভৱেশ পাটোৱাৰীয়ে বিজ্ঞান আৰু গণিত বিষয়ক এনেধৰণৰ কাৰ্যসূচীয়ে বিষয় দুটিৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলক অধিক আকৰ্ষিত আৰু উৎসাহিত কৰাত সহায়ক হ’ব বুলি উল্লেখ কৰে৷ প্ৰদৰ্শনী অনুষ্ঠানৰ সামৰণিৰ পাছত অনুষ্ঠিত বঁটা বিতৰণী সভাত বিজ্ঞান আৰু গণিতৰ প্ৰকল্প প্ৰস্তুতকাৰী দলবোৰক বঁটা প্ৰদান কৰা হয়৷ বঁটা বিতৰণী সভাত চেঙা শিক্ষা খণ্ডৰ ব্যাসকুছি, বেলবাৰী আৰু বৰমাৰা সমল কেন্দ্ৰৰ সমন্বয়কে ভাষণ প্ৰসংগত এই ধৰণৰ কৰ্মসূচীৰ প্ৰয়োজনীয়তাৰ ওপৰত বাখ্যা আগবঢ়ায়৷

Related Articles

Leave a Reply

Close