অসমনগাঁও

ৰূপহীত কম্পিউটাৰসহ আটক ৫, চুৰিকাণ্ডৰ লগত জড়িত শিক্ষক

প্ৰথম খবৰ, ৰূপহীহাট: নগাঁও জিলাত এইবাৰ চৌৰ্যবৃত্তিত নামি পৰিছে বিদ্যালয়ৰ শিক্ষক। ৰূপহীহাট প্ৰাইভেট একাডেমি নামৰ এখন বেচৰকাৰী বিদ্যালয়ত কৰ্মৰত জল্লাল উদ্দিন নামৰ এজন শিক্ষক সম্প্ৰতি বিদ্যালয়ৰ কম্পিউটাৰ চুৰিৰ সৈতে ওতঃপুতভাৱে জড়িত থকাৰ কথা আৰক্ষীৰ অনুসন্ধানত আহিছে পোহৰলৈ।

জানিবপৰা মতে, বুধবাৰে নিশা ৰূপহীহাট আৰক্ষীৰ জালত পৰিল পাঁচটাকৈ গভাইত চোৰ৷ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি নিশা দুটা চুৰি কম্পিউটাৰ ছেট সহ আটক কৰে চোৰ কেইটাক৷ এছ ০৯ই ৯৯৫৩ নম্বৰৰ এখন ইয়ন গাড়ীৰে নগাঁৱৰ দিশে গৈ থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে চোৰ তিনিটাক৷ ধৃত চোৰ তিনিটা কলিয়াবৰ বৰগুলিৰ দিলদাৰ হুছেইন, ৰপহীহাটৰ বালিকাৰ শিক্ষকৰূপী জালাল উদ্দিন, নাঙলধোৱাৰ দিলদাৰ হুছেইন ওৰফে দিলো বুলি জানিব পৰা যায়৷

ইফালে ৰূপহীহাট আৰক্ষীয়ে ধৃত তিনিটাকৈ চোৰক কৰা সোধ-পোছৰ অন্তত পুনৰ কম্পিউটাৰ চুৰিৰ সন্দৰ্ভত আন দুটা চোৰক আটক কৰিবলৈ সক্ষম হয়। ধৃত বাকী দুটা চোৰ চামগুৰিৰ কাঠপাৰাৰ নুৰুল ইছলাম আৰু জিয়াবুৰ। কম্পিউটাৰ চোৰৰ এই বৃহৎ চক্ৰটোৱে বিগত বহুদিন ধৰি নগাঁও জিলাৰ বিভিন্ন স্থানত সন্ত্ৰাসৰ সৃষ্টি কৰি নিদ্ৰা হৰিছিল নগাওঁ জিলাৰ আৰক্ষী প্ৰশাসনৰ।

উল্লেখ্য যে, বিগত সময়ত জিলাখনৰ বিভিন্ন স্থানত সংঘটিত বিদ্যালয়ৰ কম্পিউটাৰ চুৰিৰ ঘটনাৰ সৈতে অঞ্চলটোৰে এজন শিক্ষক জড়িত হৈ থকাৰ ঘটনাৰ বিষয়ে এতিয়া ব্যাপকভাৱে চৰ্চা চলিছে ৰূপহীহাটৰ সচেতন মহলৰ মাজত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close