অসমনগাঁও

ৰূপহীত বিহু কমিটিৰ কাৰ্যালয় লণ্ডভণ্ড দুষ্কৃতিকাৰীৰ

ৰূপহীহাটৰপৰা এম আবু হানিফা, প্ৰথম খবৰ: নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ ঐতিহাসিক ঠাই ৰূপহীত যোৱা নিশা অসমীয়াৰ অতি চেনেহৰ বিহুক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্তাপিত হৈছে। বিভিন্ন জাতি, ধৰ্ম, ভাষা-ভাষীৰ লোক সম্প্ৰীতিৰে বসবাস কৰি অহা ৰূপহীত যোৱা নিশা এখন বিহু সমিতিৰ কাৰ্যালয় ভাঙি পেলোৱাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, বৃহত্তৰ ৰূপহী ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অহা ১৯ আৰু ২০ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ’বলগীয়া ৰঙালী বিহুটিৰ ভকত গাঁৱত থকা অস্থায়ী কাৰ্যালয়টো কোনো দুষ্টচক্ৰই মাদক দ্ৰব্য সেৱন কৰি লণ্ডভণ্ড কৰি পৰিৱেশ বিনষ্ট কৰি পেলাইছে। উদযাপন সমিতিয়ে এই কাণ্ডক তীব্ৰ ভাষাৰে নিন্দা কৰি এই কাণ্ডই অসমীয়াৰ বাপতি সাহোন বিহুটিক অপমান কৰাৰ লগতে অসমীয়া জাতীয় চেতনাত আঘাত সানিছে বুলি ব্যক্ত কৰে।

ৰূপহীৰ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই কাণ্ডক ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ময়ুৰ কাকতি, সম্পাদক কুন্দল কুমাৰ বৰাই গৰিহণা দিয়াৰ লগতে অতি শীঘ্ৰে প্ৰকৃত দোষীক বিচাৰি উলিয়াবলৈ দাবী জনাইছে। ৰূপহীৰ দৰে এখন শান্তিপ্ৰিয় ঠাইত বিহু সমিতিৰ কাৰ্যালয়ত আক্ৰমন চলোৱা কাণ্ড গৰিহণাৰ যোগ্য আৰু এয়া বিকৃত মানসিকতাৰ পৰিচয় বুলি ব্যক্ত কৰি ৰূপহী সংবাদ ক্লাৱৰ সভাপতি জহিৰুল ইছলামে আৰু সম্পাদক মোশ্বাহিদুল ইছলামে গৰিহণা দিয়ে। ইয়াৰ লগতে ৰূপহীহাট ইলেক্ট্ৰনিক মিডিয়া এছচিয়েশ্যনৰ সভাপতি বাহাৰুল ইছলাম, সম্পাদক জলিল আহমেদ ৰাজেও এই কাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে৷ ইফালে এই সন্দৰ্ভত ইতিমধ্যে উদযাপন সমিতিয়ে ৰূপহীহাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। উদযাপন সমিতিৰ সমিতিৰ সাধাৰণ সম্পাদক তথা আছুৰ নগাঁও জিলা সমিতিৰ সভাপতি সীমান্ত বৰাই এয়া অসমীয়াৰ জাতীয় চেতনাৰ ওপৰত আঘাত কৰা বুলি কয়। সীমান্ত বৰাৰ লগতে উদযাপন সমিতিৰ সভাপতি জীৱন বৰুৱাই থানাত গোচৰ দিয়াৰ লগতে এই কাণ্ডৰ উচিত তদন্ত কৰিবলৈ জিলা প্ৰশাসন দাবী জনাইছে।

Related Articles

Leave a Reply

Close