Home / অসম / ৰূপহীহাট উন্নয়ন খণ্ডত প্ৰতিনিধিৰ অন্তিম লুন্ঠনত প্ৰৱল প্ৰত্যাহ্বান বিডিঅ’ কলিতা:হাহাকাৰ একাংশ প্ৰতিনিধিৰ

ৰূপহীহাট উন্নয়ন খণ্ডত প্ৰতিনিধিৰ অন্তিম লুন্ঠনত প্ৰৱল প্ৰত্যাহ্বান বিডিঅ’ কলিতা:হাহাকাৰ একাংশ প্ৰতিনিধিৰ

ৰূপহীহাটৰপৰা এম আবু হানিফা,প্ৰথম খবৰ:পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ প্ৰাকক্ষণত একাংশ প্ৰতিনিধিৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে ৰূপহীহাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গদাধৰ কলিতাই। যিকোনো প্ৰকাৰে গ্ৰামোন্নয়নৰ এমজি এন ৰেগা,চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিত অন্তিম লুন্ঠনৰ প্ৰয়াসত চেঁচা পানী ঢালিবলৈ কঠোৰ হৈছে বিডিঅ কলিতা। উন্নয়ন খণ্ডটোত এম জি এন ৰেগা আচঁনিৰ ২০১৭-১৭,২০১৬-১৭ বৰ্ষত কেইবা শতাধিক আঁচনি মঞ্জুৰ হৈ আছে যদিওঁ খণ্ড উন্নয়ন বিষয়াৰ দৃঢ় স্থিতিৰ বাবেই নীতি-বহিঃৰ্ভুতভাৱে কোনো আঁচনিৰ কাম আৰম্ভ কৰিব পৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত একাংশ পঞ্চায়ত প্ৰতিনিধিৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰে একাংশ প্ৰতিনিধিয়ে খণ্ড উন্নয়ন বিষয়াৰ বিৰোদ্ধে নানা অপ-প্ৰচাৰত লিপ্ত হৈ পৰিছে। ১৪ খন গাঁও পঞ্চায়তেৰে গঠিত ৰূপহীহাট উন্নয়ন খণ্ডৰ প্ৰত্যেক খন পঞ্চায়তত এমজি এনৰেগাকে ধৰি অন্যান্য আচঁনিৰ কাম চৰ-জমিন তদন্ত কৰি শ্ৰমিকৰ ধন মোকলাই দিয়া বিডিঅৰ কঠোৰ স্থিতিয়ে লুন্ঠনকামী প্ৰতিনিধিক অসন্তুষ্ট কৰিলেও সচেতন মহলে আদৰণি জনাইছে। উল্লেখ্য যে এই গৰাকী বিষয়াই উন্নয়ন খণ্ডটোত যোগদান কৰাৰ পিছৰে পৰাই চলে-বলে কৌশলে একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে বদলি কৰাৰ ব্যাপক তত্পৰতা আৰম্ভ কৰিছিল যদিও সেয়া সম্ভৱ হৈ নুঠাত দিকবিদিক হেৰুৱাই নানান অপ-প্ৰচাৰত লিপ্ত হোৱা বুলিও একাংশই কোৱা-কুই কৰা দেখা গৈছে। এনৰেগাৰ গাইড লাইন মতে কাম কৰা পঞ্চায়ত তথা আঁচনিৰ বিপৰীতে পুঁজি মোকলাই দিয়াৰ বিপৰীতে কাৰ্যকালৰ অন্তিম পৰ্যায়ত অন্তিম লুন্ঠন কৰাৰ প্ৰয়াস কৰা প্ৰতিনিধিসকলৰ নিদ্ৰাহৰণ কৰাৰ কৌশল লৈছে যদিও বিডিঅৰ এই স্থিতি কিমান সময়লৈ টিকি থাকে সেয়াহে লক্ষনীয় হ’ব বুলি সচেতন মহলত চৰ্চা চলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*