খেল

‌‌‌‌‌চিচিবৰগাঁওত প্ৰাইজমনি ক্ৰিকেট

প্ৰথম খবৰ,চিচিবৰগাঁও:বৃহত্তৰ ধেমাজি জিলা চিচিবৰগাঁও অঞ্চলৰ খেলুৱৈ সকলৰ সুলভ মানসিকতাৰে বন্ধুত্ব সুলভ পৰিবেশ গঢ়ি তোলা প্ৰচেষ্টাৰে চিচিবৰগাঁও যুৱ সমিতিৰ উদ্যোগত প্ৰথম “বাৰ্ষিক প্ৰাইজমনি ক্ৰিকেট খেলৰ প্ৰতিযোগিতা” অহা ইংৰাজী ২৫ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা হৈছে। চিচিবৰগাঁও যুৱ সমিতিৰ সভাপতি ভাস্কৰ শইকীয়া আৰু সম্পাদক ভাৰত্বম ভূঞাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, প্ৰথম পুৰস্কাৰ নগদ ১০,০০০ টকা, খেলসমূহ ১০ অভাৰকৈ খেলোৱা হ’ব, খেলুৱৈ ১১জন থকাটো বাধ্যতামূলক, আই.চি.চি নিয়ম প্ৰযোজ্য থাকিব, চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈক পুৰস্কৃত কৰা হ’ব আৰু কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰা হ’ব। লগতে সবিশেষৰ বাবে ৭০০২৮৯৯৫৯০, ৮৪০৩৯৪৯১৭১, ৯১০১৬৮৩৩২৬, ৯১০১৬৯০৪০১ আৰু ৯৮৫৯৩৯৭৫৩৯ ত যোগাযোগ কৰিব পাৰিব বুলি সদৰী কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close