বিনোদন

শীঘ্ৰে আহি আছে তথ্যচিত্ৰ ”মা কামাখ্যা”

গুৱাহাটীৰপৰা সৌৰভ জ্যোতি গোস্বামী, প্ৰথম খবৰ:কেইজনমান যুৱক! আৰু কেইজনীমান যুৱতী।
তেওঁলোক গৈছে এক নিৰ্দিষ্ঠ ঠাইলৈ। তেওঁলোকৰ লক্ষ্য হৈছে কামাখ্যা মন্দিৰ। দৰাচলতে, তেওঁলোকে কামাখ্যা মন্দিৰৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিব। সেই উদ্দেশ্যে তেওঁলোকে যোৱা বছৰ কামাখ্যাত অনুষ্ঠিত হোৱা অম্বুবাচী মেলালৈও গৈছিল। বহুতো কষ্ট কৰি তথ্যচিত্ৰখনৰ বাবে ভিডিঅ’ও লৈছিল তেওঁলোকে। কিন্তু হঠাৎ যেন সকলো বন্ধ হৈছিল, যেন সকলো নিমিষতে শেষ।

বৰ্তমান জানিবপৰা অনুসৰি, তেওঁলোকে পুনৰ এই তথ্যচিত্ৰৰ কাম আৰম্ভ কৰিছে আৰু শীঘ্ৰে এই কাম সম্পূৰ্ণও হ’ব।

উল্লেখ্য, চাৰিটা ভাষাত হ’ব এই বিশেষ তথ্যচিত্ৰখন। য’ত থাকিব কামাখ্যা মন্দিৰৰ লগতে অম্বুবাচী মেলাৰ কিছু বিশেষ দৃশাংশ। এইবিষয়ে পৰৱৰ্তী আৰু কিছু তথ্যৰ বাবে চাই থাকিব “প্ৰথম খবৰ”।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close