অসমসভা-সমিতি

তাঈ চাম-ম’-ম্যুঙ উন্নয়ন পৰিষদ অসমৰ প্ৰতিষ্ঠা দিৱস

প্ৰথম খবৰ,বৰহাট:ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ শেষৰ ফালে দেশৰ ৰজা প্ৰজা সকলোৱে স্বকীয়তা বিসৰ্জন দিয়াৰ পিছতো সীমাহীন ঘাট প্ৰতিঘাটক নেওচি মছাম-মছাই-মপ্লং সকলে স্বকীয় ভাষা সংস্কৃতিকে সাৱটি থাকি তাই জাতিৰ ঐতিহ্য পৰম্পৰাক সুৰক্ষিত কৰি ৰখা চাম-ম’-ম্যুঙ উন্নয়ন পৰিষদৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি অহা ৯ মাৰ্চত সাপেখাতীৰ ৰহন দেওধাই নামঘৰত অনুষ্ঠিত হ’ব। এই উপলক্ষে পুৱা ৮ বজাত পতাকা উত্তোলন, বানফী আৰু ফ্ৰালুং পুৱা ১০ বজাত মহিলা সকলৰ মাজত পৰম্পৰাগত তাঈ জাতীয় সাজ পোচাক পৰিধান কৰ্মশালা আৰু বিয়লি মুকলি সভা অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close