বিনোদন

২০ এপ্ৰিলত মুক্তি লাভ কৰিব ব্যংগাত্মক অসমীয়া চিনেমা “অাহি অাছে coming soon”

নিউজ ডেস্ক,প্ৰথম খবৰ:অসমীয়া চিনেমাজগতত নকৈ সংযোজন হ’ব এন বি ডি কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ব্যংগাত্মক অসমীয়া বোলছবি ‘ অাহি অাছে coming soon ‘। অসমীয়া চিনেমাজগতত পৰিৱৰ্তনৰ জোৱাৰেৰে চিত্ৰপ্ৰেমী ৰাইজক অাকৰ্ষিত কৰিবলৈ পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে সুদক্ষ পৰিচালক নিপন ধলুৱাই। সুন্দৰ কাহিনীৰ জৰিয়তে চৰিত্ৰ সমূহ ব্যংগাত্মক ৰূপত সজাই তোলা ‘অাহি অাছে coming soon’ বোলছবিখনত অভিনয় কৰিছে মি:ৰাজকুমাৰ,মমৰ্থ বৰুৱা,মিনু বণিয়া,বৈকুণ্ঠ প্ৰিঞ্চ, গিতালী বাই,দেৱষ্মিতা বেনাৰ্জী,ৰাজদ্বীপ বৰুৱা অাদিয়ে। অসমৰ ভিন্ন মনোমহা স্থানত চিত্ৰগ্ৰহণ সমাপ্ত কৰা বোলছবিখনে অসমীয়া চিনেমা জগতত এক নতুন পৰিবৰ্তনৰ জোৱাৰ অানিব বুলি জনপ্ৰিয় তথা জেষ্ঠ অভিনেত্ৰী মিনু বণিয়াই জানিব দিয়ে। পৰিচালক-প্ৰযোজক নিপন ধলুৱাই তিনিখন পূৰ্ণদৈঘ্য অসমীয়া চিনেমাৰ মুক্তিৰ অন্তত চতুৰ্থবাৰৰ বাবে বিভিন্ন দিশত খুটি-নাটি মাৰি দক্ষতাৰে চিত্ৰপ্ৰমী ৰাইজলৈ ২০ এপ্ৰিল তাৰিখে অসমৰ সকলো ছবিগৃহত মুক্তি দিবলৈ বিশেষভাৱে যো-জা কৰিছে বুলি জনাইছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close