অসম

বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

বৰপেটাৰপৰা ছফিক আহমেদৰ বিশেষ প্ৰতিবেদন,প্ৰথম খবৰ:নাৰী দুৰ্গা নাৰী কালী নাৰী কৰুণাময়ী নাৰী সহনশীল এই উদ্দেশ্য সাৰোগত কৰিয়ে বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ উদ্যোগত উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। যি সময়ত মহিলা সবলিকৰণৰ কথা চৰকাৰে গুৰুত্ব আৰোপ কৰিছে সেই সময়তে বৰপেটাৰ একমাত্ৰ ছোৱালী মহাবিদ্যালয়ৰ জৰিয়তে নাৰী দিৱসৰ কাৰ্য্যসূচী প্ৰশংসনীয় হিচাপে বিবেচিত হৈছে।

আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সঙ্গতি ৰাখি বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ পৰা বৰপেটা চহৰৰ মাজেৰে উলিওৱা ৰেলীত বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ প্ৰায় পাচ শতাধিক ছাত্ৰী তথা শিক্ষক শিক্ষয়ত্ৰী,অনা-শিক্ষকসকলে অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close