অসম

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ তৰফৰ পৰা দিব্যাংগ সকললৈ সামগ্ৰী বিতৰণ

বৰপেটাৰপৰা ছফিক আহমেদ,প্ৰথম খবৰ:সততে দিব্যাংগ সকলক অৱহেলিত নিষ্পেসিত ৰূপত দেখিবলৈ পোৱা যায়। দিব্যাংগ সকলক সকাহ দিয়াৰ নিমিত্তে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ তৰফৰ পৰা লোৱা হৈছে প্ৰশংসনীয় পদক্ষেপ। বৰপেটা টাউন হাইস্কুল তথা ৭৪০ নং মুছলিমপট্টিত প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আজি ৰাতিপুৱা ১০ বজাৰ পৰা এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হয়।
অনুষ্ঠান সম্পৰ্কে টাউন হাইস্কুলৰ প্ৰধান শিক্ষক নজিবুল হক ডাঙৰীয়াই জানিব দিয়ে যে,ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অন্তৰ্গত যিসকল শাৰীৰিকভাৱে অক্ষম ছাত্র-ছাত্ৰী আছে তেওঁলোকৰ মাজত হুইল চেয়াৰ,শ্ৰৱণ যন্ত্ৰ তথা চকুৰ অষ্ট্ৰোপচাৰ বিনামূলীয়াকে কৰা হ’ব। ইয়াকে লৈ দিব্যাংগ সকলৰ মাজত যথেষ্ট উৎসাহ দেখা পৰিলক্ষিত হয় তথা স্বত:স্ফূৰ্তভাৱে যোগদান কৰা দেখা যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close