শেহতীয়া
Home / যুৱ / খাদ্যৰসিকলৈ সুখবৰ! এইবোৰ খাদ্য গোগ্ৰাসে গিলিলেও নাবাঢ়ে ওজন

খাদ্যৰসিকলৈ সুখবৰ! এইবোৰ খাদ্য গোগ্ৰাসে গিলিলেও নাবাঢ়ে ওজন

পছন্দৰ খাদ্য দেখিলে মন অবাধ্য হৈ উঠেনে? এনে কিছু খাদ্য আছে যিবোৰ যিমানেই খাওক, ওজন থাকিব একেবাৰে নিয়ন্ত্রণত। ওজন নিয়ন্ত্রণত ৰাখিবলৈ কোনবোৰ খাদ্য ৰাখিব ডায়েট চার্টত

সিদ্ধ আলু: ওজন কমাবলৈ বিশেষজ্ঞসকলে আগেয়ে আলুত নিষেধাজ্ঞা জাৰি কৰিছিল। জানেনে কিয়, সিদ্ধ আলুত থাকে ষ্টার্চ যি সহজে হজম হৈ যায়। বিশেষজ্ঞসকলৰ মতে ষ্টার্চ সহজে পাচন হোৱা ফাইবাৰৰ দৰে কাম কৰে যিয়ে দীর্ঘ সময় পেট ভৰাই ৰাখে আৰু ওজনো বাঢ়িব নিদিয়ে।

 

কণী: হেল্ডী ডায়েটেৰ বাবে কণীৰ বিকল্প একো নাই। কণীত প্র’টিন, ভিটামিন আৰু মিনাৰেল সঠিক মাত্রাত থাকে। নিয়মিতভাৱে কণী খালে শৰীৰত যথেষ্ট পৰিমাণে কেলৰি বাঢ়ে। ৰক্তচাপো নিয়ন্ত্রণ হৈ থাকে।

 

মাছ: মাছত উচ্চ মাত্রাত ওমেগা ৩ ফেটি এচিড থাকে। মেদবহুলতাত আক্রান্ত মানুহৰ ক্ষেত্রত মাছ খুবেই উপকাৰী। বিশেষজ্ঞৰ মতে, অন্যান্য প্র’টিন সমৃদ্ধ খাদ্যবোৰৰ ভিতৰত মাছ শতগুণে ভাল।

 

পনীৰ: পনীৰত থাকে অধিক পৰিমাণৰ প্র’টিন, কেলচিয়াম,ভিটামিন বি, আৰু ফচফৰাচ। কিন্তু, পনীৰত কেলৰি খুব কম থাকে। সেয়েহে ভাল ডায়েটেৰ বাবে কণীৰ দৰে পনীৰৰ চাহিদা যথেষ্ট বেচি।

 

পপকৰ্ণ: বিশেষজ্ঞসকলৰ মতে, পপকৰ্ণত খুব কম কেলৰি থাকে। সেয়েহে যিমান মন যায় পপকৰ্ণ খাওক, ওজন বঢ়াৰ ভয় নাই।

 

চর্বী নথকা মাংস:যিসকল লোকে প্র’টিন ডায়েট মানি চলে তেওঁলোকৰ বাবে চর্বী নথকা কম কেলৰিৰ মাংস খুব উপকাৰী। ই অধিক প্র’টিন, কিন্তু খুব কম কেলৰি থকা স্বাস্থ্য সচেতন ডায়েট তালিকাত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

 

ছ্যুপ: চিকেন ছ্যুপ হওঁক বা ভেজিটেবল ছ্যুপ —হেল্ডী ডায়েটেৰ বাবে একদম পাৰফেক্ট। নিয়মিত ডায়েটৰ চার্টত ছ্যুপ ৰাখিব। যিমানবাৰ ইচ্চা খাওঁক,ওজন নিয়ন্ত্রণত থাকিব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*