
পুনম নাথঃ
অন্ধকাৰ তেওঁৰ প্ৰিয়,
নদী নহয় মৰাসুতিত
তেওঁ পায় জীৱন..
মৰুভূমিৰ কেকটাছ..
তেওঁৰ প্ৰেমৰ প্ৰতীক..
আৰু নাৰী তেওঁৰ বাবে…
সেইয়া মোৰ বাবে এটি প্ৰশ্নবোধক?
আশাৰ জলঙাৰে জুমি জুমি চাওঁ
কৌতুহলী এযোৰ চকুত
পৃথিৱী দেখোঁ!!
শিমলুৰ ৰঙা
সোণাৰুৰ হালধীয়া
কিন্তু ক্ষণেকীয়া!
এদিন হাবিতলীয়া পথটোৰে
তেওঁ সোমাই আহিল!
মোৰ ঘৰলৈ..
লগত এডাল সিজুগছ..
ঘামত তিতি থকা তেওঁৰ দেহা..
ভাগৰত তলমল..
তেওঁৰ নিশাহে কথা কৈছিল..
মোৰ পদুলিৰ ববচা বন
চুই তেওঁ কৈছিল
তৃষ্ণাৰ কথা!!
ভোকৰ কথা!!
তেওঁ মোৰ বুকুত..
লাহে লাহেকৈ এটি জুপুৰি বনাবলৈ ল’লে
ঘিটমিট এন্ধাৰ কোঠালী
য’ত কাহানিও পোহৰ নপৰিব..
য’ত কাহানিও সুৰুঙাৰেও
ৰ’দৰ কিৰণ নপৰিব..
কাৰণ অন্ধকাৰ তেওঁৰ প্ৰিয়..
লগত অনা সিজুগছ ডাল
দেখুৱাই ক’লে..
একেইচোন কেকটাছৰ দৰেই..
ওহোঁ নহয়..
একেবাৰেই নহয়!!
সিজুডালত কেকটাছৰ ৰঙা নেদেখিলোঁ..
কাৰণ মই নাৰী..
এন্ধাৰৰ বাবে চকুযুৰিত
পৃথিৱীও নেদেখিলোঁ..
কাৰণ মই নাৰী..
চকামকাকৈ তেওঁক এজন মই
অস্তিত্বহীন কাপুৰুষ যেন দেখিলো
কাৰণ মই নাৰী..
আৰু সেইবাবেই নেকি তেওঁক মই
পুৰুষাংগৰেও নপুসংক যেনহে পালোঁ
কাৰণ মই নাৰী
তেজ মঙহৰ নাৰী..
আৰু নাৰী তেওঁৰ বাবে কি!!
সেইয়া মোৰ বাবে প্ৰশ্নবোধ?