শেহতীয়া
Home / বিনোদন / প্ৰতিদ্বন্দ্বী ওলাল মিষ্টাৰ ৰাজকুমাৰৰ! পাপনৰ চুমাক লৈ অখ্যাত শিল্পীৰ ‘আজৱ’ গান

প্ৰতিদ্বন্দ্বী ওলাল মিষ্টাৰ ৰাজকুমাৰৰ! পাপনৰ চুমাক লৈ অখ্যাত শিল্পীৰ ‘আজৱ’ গান

নিউজ ডেস্ক, প্ৰথম খবৰ: এতিয়াৰেপৰা আৰু প্ৰতিদ্বন্দ্বীহীন নহয় মিষ্টাৰ ৰাজকুমাৰ। আজৱ সৃষ্টিৰে অসমৰ ইমূৰৰপৰা সিমূৰলৈ চৰ্চা লাভ কৰি দেশতো অসমৰ নাক কটা মিষ্টাৰ ৰাজকুমাৰৰ বেশত ওলাই আহিছে আন এজন অদ্ভুত শিল্পী।

 এক কথাত ক’বলৈ গ’লে মিষ্টাৰ ৰাজকুমাৰ মানেই যেন জনপ্ৰিয়তা। তেওঁৰ পৰিচয় গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, ছবি নিৰ্মাতা, ছবি পৰিচালক, অভিনেতা, কণ্ঠশিল্পী আৰু বহুতো। তেওঁ “ওৱান মেন আৰ্মী”। মানুহৰ বাবে ৰাজকুমাৰ ঠাকুৰীয়া অনন্ত কৌতুহলৰ উৎস মিষ্টাৰ ৰাজকুমাৰ।

আটাইতকৈ ডাঙৰ কথা যে, শেহতীয়াভাৱে ৰাজকুমাৰক প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ অসমত আন এজন কণ্ঠশিল্পীয়ে ভূমুকি মাৰিছে। এইজন কণ্ঠশিল্পীয়ে তেওঁৰ গীতৰ বাবে নিৰ্বাচন কৰিছে শেহতীয়া এটা বিতৰ্কিত ঘটনাক।

উল্লেখ্য যে, কিছুদিন পূৰ্বে পাপনৰ চুমা বিতৰ্কক লৈ দেশ কঁপি উঠিছিল। সমগ্ৰ ঘটনাৰ ওপৰত ভিত্তি কৰি এটি গীতৰ ভিডিঅ’ ইউ-টিউবত আপলোড কৰে। উল্লেখনীয়ভাৱে লগে লগে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই গীতৰ ভিডিঅ’।

অৱশ্যে গীতটোত স্বৰগম বুলিবলৈ একো নাই। সঁচা কথা ক’বলৈ গ’লে গীতটো চাই পাগল হৈ পৰিব আপুনিও! অতনু ভূঞা, নিতুমনি শইকীয়া তথা অৰ্ণৱ গোস্বামীৰ দৰে আগশাৰীৰ সাংবাদিকৰ নাম লৈ লিখি উলিয়াইছে গীতটো। মিষ্টাৰ ৰাজকুমাৰৰ ‘লিগেচী’ লৈ ওলাই অহা এইজন শিল্পীৰ নাম অৱশ্যে এই পৰ্যন্ত অজ্ঞাত।

Leave a Reply

Your email address will not be published. Required fields are marked *

*