অসমবিনোদন

এইবাৰ ৰাজদ্বীপৰ গীতত একেলগে কণ্ঠদান কৰিলে ভৃগু-নীল-দীপলিনাই

নিউজ ডেস্ক,প্ৰথম খবৰ:অসমৰ ৩ গৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ,নীল আকাশ আৰু দীপলিনা ডেকাই এটি বিশেষ গীতত একেলগে কণ্ঠদান কৰিছে। গীতটোৰ নাম-‘এতিয়া টেনচন নাই’। উল্লেখযোগ্য যে,এই গীতটো ২০১৮-১৯ বৰ্ষৰ ৰাজমুকুট থিয়েটাৰৰ ‘বাউলী মোৰ প্ৰিয়া’ নাটখনৰ। গীতিকাৰ আৰু সুৰকাৰ জনপ্ৰিয় নাট্যকাৰ ৰাজদ্বীপৰ।

গুৱাহাটী মহানগৰীৰ অৰেঞ্জ ষ্টুডিঅ’ত দীপাংকৰ গোস্বামীয়ে গীতটো বাণীবদ্ধ কৰে। সংগীত ব্যৱস্থাপনা বিভূতি গগৈৰ। মিক্সিং আৰু মাষ্টাৰিং ভূপেশ শ‌ইকীয়াৰ। চিনেমেটোগ্ৰাফাৰ নগেন বৈশ্য‌ই গীতটোৰ ভিডিঅ’ প্ৰস্তুত কৰিছে। সম্পাদনা কৰিছে মানস কাশ্যপে।

ইতিমধ্যে ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে ৰাজদ্বীপৰ এই নতুন গীতটোৱে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close