যুৱশীৰ্ষস্বাস্থ্য

সুন্দৰ জীৱনৰ বাবে প্ৰয়োজন সুন্দৰ টোপনিৰো! পিছে আপুনি কিমান ভালকৈ শুব জানে?

ৰিংকুমণি দাস :

চকু বন্ধ কৰিলেই টোপনি আহেনে? ইমান সহজ নেকি টোপনি অহাটো? আমাৰ দৈনন্দিন কামৰ ওপৰত প্ৰভাৱ পৰে টোপনিৰ। আপোনাৰ যদি টোপনি নহয়, তেন্তে প্ৰভাৱ শৰীৰৰ ওপৰত যিদৰে পৰে, তেনেকৈ কৰ্মক্ষেত্ৰ আৰু উদ্দীপনাও ইয়াৰ দ্বাৰা প্ৰভাৱিত হয়। সাধাৰণতে আমি গুৰুত্ব দিওঁ যে আমি কিমান সময় শুইছোঁ। কোনোবাই ৮ ঘণ্টা, নাইবা কোনোবাই ৪-৫ ঘণ্টা টোপনি মাৰে। কিন্তু আমি কিমান গভীৰভাৱে টোপনি গৈছোঁ তাৰ কথা কিমানজনে ভাবে?

দিনে ১০-১১ ঘণ্টা যেনে তেনে শোৱাতকৈ ৮ ঘণ্টা গভীৰভাৱে টোপনি গ’লে আমাৰ উদ্দীপনা বাঢ়ে। কর্মক্ষেত্রৰ কামৰ মান আৰু উদ্দীপনা বৃদ্ধি কৰিবলৈ টোপনিক এক ভাল ব্যায়াম বুলি বহুতেই ক’ব খোজে।

সকলো বয়সৰ মানুহৰ কামলৈ উদ্দীপনা অনাত ভাল টেপনিৰ বিকল্প নাই বুলিও বহুতেই কয়। জার্মান লাইফ কোচ কিলিয়েন মাৰকেৰেটে ভাল টোপনিৰ বাবে কিছু পৰামর্শ আগবঢ়াইছে। সেই পৰামর্শই আপনোকো টোপনিত লালকাল কৰিব পাৰে আজি নিশাৰ পৰাই।

টোপনিৰ পৰিৱেশ তৈয়াৰ কৰক

আপুনি ক’ত শুইছে, তাৰ ওপৰত নির্ভৰ কৰিছে টোপনি কিমান ভাল হ’ব। তৰুণসকলে সাধাৰণতে ছোফা য’তে-ত’তে টোপনি যায়, এনে অভ্যাস পৰিহাৰ কৰিব লাগে। ভাল টোপনিয়ে যে মাত্ৰ ক্লান্তিয়েই নোহোৱা কৰে তেনে নহয়, নিজৰ শক্তিও উভতি আহে—এই বিষয়টি মনত ৰাখিব লাগে। সেইবাবেই যিটো ঘৰত শুইছে, সেয়া যেন কিছু ঠাণ্ডা হয়, সেই ফালেও খেয়াল ৰাখক। ঠাণ্ডা ৰুমত শুলে অনিদ্রাজনিত বিভিন্ন সমস্যা আঁতৰ হয়। ৰুমৰ তাপমাত্রা ১৯-২২ ডিগ্রী ছেলচিয়াস হ’লে টোপনি ভাল হয় বুলি ভাৱে ইউনিভাৰ্চিটী অব্ পিটছবার্গ স্কুল অব্ মেডিচিনৰ গৱেষকসকলে। মনত ৰাখিব, আবদ্ধ ঘৰত কেতিয়াও নুশুব। খিৰিকী খোলা ৰাখি শুলে কোঠাত বায়ু চলাচল স্বাভাৱিক থাকে।

কিমান অন্ধকাৰত শুব?

কম্পিউটাৰ চলায়েই আমাৰ বহুতে টেবুলতে শুই পৰে অথবা টেলিভিচন খুলিও বহুতে টোপনিত নিমজ্জিত হয়, গমেই নোপোৱাকৈ। আমাৰ শৰীৰৰ বিশেষ ধৰণৰ শৰীৰবৃত্তীয় চক্রৰ স্বাভাৱিক সঞ্চালনৰ বাবে অন্ধকাৰ কোঠাত টোপনি যোৱাটো কার্যকৰী। অন্ধকাৰ কোঠাত শৰীৰত মেলাটোনিনৰ পৰিমাণ বাঢ়ি যায়, যাৰ কাৰণে সহজেই টোপনিৰ গভীৰতালৈ সোমাই যাব পাৰোঁ আমি।  টোপনিৰ আগৰ দুই ঘণ্টা চেষ্টা কৰক কোনো প্রকাৰৰ নীল আলোকযুক্ত বৈদ্যুতিক ডিভাইচ ব্যৱহাৰ নকৰিবলৈ। লেপটপ কম্পিউটাৰ অথবা মোবাইলৰ উজ্জ্বলতা নিশা কমাই কাম কৰাৰ অভ্যাস কৰক।

ভাল টোপনিৰ বাবে সূর্যৰ আলোক!

সূর্যৰ পোহৰৰ প্রভাৱে আমাদৰ শৰীৰত ভিটামিন ডি তৈয়াৰ হয়। ভিটামিন ডি পৰিৱর্তিত হৈ ছেৰোটনিনলৈ ৰূপান্তৰিত হয়, ছেৰোটনিনৰপৰা মেলাটোনিন উৎপন্ন হয়। গোটেই দিন অন্ধকাৰাচ্ছন্ন স্থানত সেইবাবেই কাম কৰাটো ঠিক নহয়। চেষ্টা কৰক পুৱা অথবা আবেলি সূর্যৰ পোহৰত খোজ কাঢ়ক অথবা ব্যায়াম কৰক।

অনিদ্রা আঁতৰায় এপেল ভিনেগাৰ আৰু মৌৱে

আমেৰিকাৰ অনেক লাইফ কোচে ভাবে, এপেল ভিনেগাৰ আৰু মৌ টোপনিৰ এক ঘণ্টা আগতে খালে অনিদ্রাজনিত ৰোগ আঁতৰাব পাৰিব। দুই টেবুল চামুছ এপেল ভিনেগাৰ, এক চামচ মৌ গৰম পানীত মিহলাই নিয়মিত পান কৰি আর্নল্ড ছোৱের্জেনেগাৰসহ অনেক তাৰকাই তেওঁলোকৰ অনিদ্রা আঁতৰাইছিল।

টোপনিৰ আগেয়ে ধ্যান

দিনৰ এলাহ আৰু ক্লান্তি আঁতৰাবলৈ প্রতিদিনে টোপনিৰ আগেয়ে দহ মিনিটমান ধ্যানৰ অভ্যাস কৰিব পাৰে।

মোবাইলৰপৰা আঁতৰত থাকক

টোপনিৰ বাবে বিছনালৈ গ’লেও দেখা যায় ১-২ ঘণ্টা আমি আকৌ মোবাইলৰ দেৰ ইঞ্চি পর্দাৰ জগতে হেৰাই যাওঁ। নিজৰ ইতিবাচক জীৱনৰ বাবে টোপনিৰ সময়ত ফোনটো গাৰুৰপৰা অন্ততঃ ১০ হাত দূৰত ৰাখক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close