Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / আন্তঃৰাষ্ট্ৰীয় / সময়ৰ ইতিহাসত নাম লিখি মহাপ্ৰস্থান ষ্টিফেন হকিঙৰ

সময়ৰ ইতিহাসত নাম লিখি মহাপ্ৰস্থান ষ্টিফেন হকিঙৰ

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: বিশ্ববিশ্ৰুতি বিজ্ঞানী ষ্টিফেন হকিং আৰু নাই। ৭৬ বছৰ বয়সত জীৱন বাটৰ নাট সামৰি শেষ নিশ্বাস ত্যাগ কৰিলে ব্ৰিটিছ তাত্বিক পদাৰ্থবিজ্ঞানীগৰাকীয়ে। পৰিয়ালৰ সূত্ৰই বিজ্ঞানীজনৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰাৰ পিছতেই সমগ্ৰ বিশ্বতে তেওঁৰ গুণগ্ৰাহীৰ মাজত তীব্ৰ শোকৰ ছাঁ পৰিছে।

একেধাৰে মহাকাশ বিজ্ঞানী আৰু গণিতজ্ঞ হিচাপে বিশ্ববিখ্যাত ষ্টিফেন হকিঙে কেইবাখনো গ্ৰন্থ লিখি থৈ গৈছে। তেওঁ লিখা গ্ৰন্থবোৰৰ ভিতৰত আটাইতকৈ চৰ্চিত গ্ৰন্থখন হৈছে “এ ব্ৰিফ হিষ্টৰী অব্ টাইম”। সমগ্ৰ বিশ্বজুৰি এক কোটিৰো বেছি

 বিক্ৰীৰে অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছিল গ্ৰন্থখনে।

মাত্ৰ ২১ বছৰ বয়সতে এক জটিল ৰোগত আক্ৰান্ত হোৱা ষ্টিফেন হকিং যে জীয়াই থাকিব তাক লৈও সন্দেহ হৈছিল তেওঁৰ পৰিয়ালৰ আৰু চিকিৎসকৰ। কিন্তু তেওঁ প্ৰচণ্ড প্ৰতিকূলতাৰ মাজতো জীয়াই থাকিল। কেৱল জীয়াই থকাই নহয়, তেওঁ পৃথিৱীক উপহাৰ দি গ’ল নতুন নতুন চিন্তাৰ অৱকাশ।

১৯৬৩ চনত চিকিৎসকে ঘোষণা কৰিলে যে তেওঁ এএলএছ (amyotrophic lateral sclerosis, ALS)ত আক্ৰান্ত হৈছে। ই হৈছে এক জটিল স্নায়ুৰোগ। যাক লু গেৰিগছ ডিজিজ বুলিও জনা যায়। চিকিৎসকে ঘোষণা কৰিলে তেওঁ আৰু বেছি দিন হয়তো বাচি নাথাকিব। তেতিয়াৰ পৰাই তেওঁ লাভ কৰিলে হুইল চেয়াৰত বন্দী এক জীৱন। এখন হাতৰ মাত্ৰ কেইটামান আঙুলিৰ ওপৰতহে তেওঁৰ নিয়ন্ত্ৰণ থাকিল। শৰীৰৰ বাকী আটাইবোৰ অংগই তেওঁৰ অকামিলা হৈ পৰিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

*