আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

পৰ্ণগ্ৰাফিক উদ্যোগলৈ পৰিৱৰ্তন আনিছে ট্ৰাম্পে! বৃদ্ধৰ ম’বাইলতো পৰ্ণ কণ্টেণ্ট

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: দুই ডি। এই দুই ডিয়ে জুই লগাইছে আমেৰিকাত। এফালে ড’নাল্ড আৰু আনফালে  ডেনিয়েল। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প সৈতে পৰ্ণষ্টাৰ ষ্টৰ্মী ডেনিয়েলছৰ মাজৰ যৌন সম্পৰ্কই কেৱল আমেৰিকাতে নহয়, সমগ্ৰ বিশ্বতে ব্যাপক খলকনিৰ সৃষ্টি কৰিছে। ডোনাল্ড ট্ৰাম্প আৰু ষ্টৰ্মী ডেনিয়েলছৰ যৌন সম্পৰ্কৰ কথা পোহৰলৈ অহাৰ লগে লগে আন এখন বেলেগ ছবি মুকলি হৈছে। 

শেহতীয়া এক সমীক্ষা অনুসৰি এই ঘটনাটোৱে ৬৫ বছৰৰ উৰ্দ্ধৰ লোকৰ মাজত পৰ্ণগ্ৰাফীক কণ্টেণ্ট জনপ্ৰিয় কৰি তুলিছে। ৬৫ বছৰৰ ওপৰৰ ব্যক্তিৰ মাজত ষ্টৰ্মী ডেনিয়েলছৰ ফটো আৰু ভিডিঅ’ ছাৰ্ছ কৰাৰ পৰিমাণ ১৩১ শতাংশ বৃদ্ধি হৈছে। আনবোৰ বয়সৰ ক্ষেত্ৰত যে একেবাৰে পৰিৱৰ্তন হোৱা নাই তেনেকুৱা নহয়। ৫৫ৰপৰা ৬৪ বছৰ বয়সৰ ক্ষেত্ৰত এই পৰিমাণ ১১২ শতাংশ বৃদ্ধিৰ বিপৰীতে ৪৫ৰপৰা ৫৪ বছৰৰ ভিতৰত বৃদ্ধিৰ পৰিমাণ হৈছে ৭৭ শতাংশ আৰু ৩৫ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকৰ মাজত ষ্টৰ্মী ডেনিয়েলছৰ ফটো আৰু ভিডিঅ’ ছাৰ্ছ কৰাৰ পৰিমাণ ২১ শতাংশ বৃদ্ধি পাইছে।

লক্ষণীয়ভাৱে ৩৪ বছৰ বয়সৰ ক্ষেত্ৰত পৰ্ণগ্ৰাফিক কণ্টেণ্ট বিচৰাৰ পৰিমাণ হ্ৰাস পাইছে। ২৫ৰপৰা ৩৪ বছৰ বয়সৰ যুৱক-যুৱতীৰ ক্ষেত্ৰত ষ্টৰ্মী ডেনিয়েলছৰ ফটো আৰু ভিডিঅ’ চোৱাৰ পৰিমাণ ৪২ শতাংশ কম হোৱাৰ বিপৰীতে ১৮ৰপৰা ২৪ বছৰ বয়সৰ ক্ষেত্ৰত ৭১ শতাংশ হ্ৰাস পাইছে। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে যৌন সম্পৰ্কই ষ্টৰ্মী ডেনিয়েলছক সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰি তুলিছে। কেৱল জানুৱাৰী মাহতে তেওঁৰ জনপ্ৰিয়তা ৩০০ শতাংশ বৃদ্ধি হৈছে। আজিৰ তাৰিখত তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি হৈছে প্ৰায় ৬০১ শতাংশ।

ষ্টৰ্মী ডেনিয়েলছৰ দৰে এগৰাকী পৰ্ণষ্টাৰ এনেকৈ জনপ্ৰিয় হৈ উঠাৰ আঁৰত থকা ব্যক্তিজন যে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প, সেয়া বহুতে স্পষ্টভাৱে কৈছে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ লগতে সমগ্ৰ বিশ্বই কয়, ৰাষ্ট্ৰপতি হিচাপে ডোনাল্ড ট্ৰাম্পে আন কিবা কৰক-নকৰক পৰ্ণগ্ৰাফিক কণ্টেণ্টক তেওঁ জনপ্ৰিয় কৰি তুলিলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close