বিনোদন

অখ্যাত গাঁওৰ বিখ্যাত যুৱক ছফিকুল ইছলামৰ অফুৰন্ত প্ৰতিভাক লৈ গৌৰাম্বিত বেছিমাৰীবাসী

দলগাঁৱৰ পৰা ৰফিক তালুকদাৰ, প্ৰথম খৱৰ: দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত নগাঁও নামৰ এখনি অখ্যাত গাঁও। গাঁওখনত জন্ম লাভ কৰিছে এগৰাকী বিখ্যাত যুৱক। যিজন যুৱকৰ মাজত লুকাই আছে অফুৰন্ত প্ৰতিভা। কামেই যাৰ পৰিচয় নাম ছফিকুল ইছলাম। যুৱকজন দেখাত সাধাৰণ হ’লেও যুৱকজনে ২০১৭ চনত গুৱাহাটী নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা দূৰ্গোৎসৱত ৬২ ফুট উচ্চতৰ ৰাৱণ নিৰ্মাণ কৰি উত্তৰ পূৱ ভাৰতৰ ভিতৰত অভিলেখ সৃষ্টি কৰাৰ উপৰিও অসমৰ চুকেকোণে গীত গাই আলোড়ন সৃষ্টি কৰি আহিছে। ইয়াৰ উপৰিও বৃহত্তৰ দৰং জিলাৰ বিভিন্ন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ প্ৰতি আকৰ্ষণ কৰিবলৈ বিদ্যালয়ৰ চৌহদ বেৰ আদিত বিভিন্ন ধৰণৰ শৈক্ষিক দিশ উন্নয়নৰ বাবে গুনগত চিত্ৰ অংকন কৰি বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ অভিৰুচী বৃদ্ধি কৰাৰ লগতে জিলাখনৰ শৈক্ষিক দিশ উন্নয়ন কৰাত যথেষ্ট অৰিহনা যোগাইছে।

জানিব পৰা মতে, যুবক গৰাকীয়ে এইবেলি অসমৰ বিভিন্ন প্রান্তৰ পৰা বিহু মঞ্চত গীত পৰিবেশন কৰিবলৈ নিমন্ত্রণ লাভ কৰিছে।এইক্ষেত্ৰত বৃহত্তৰ বেছিমাৰীবাসী ৰাইজে অখ্যাত গাঁওৰ বিখ্যাত যুবকজনৰ অফুৰন্ত প্ৰতিভাক লৈ গৌৰাম্বিত হৈছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close