শেহতীয়া
Home / অসম / অদ্ভুত প্ৰজাতিৰ মাখিৰ উপদ্ৰৱত ত্ৰস্তমান দিখৌমুখত উপস্থিত আই চি এম আৰৰ দল  সাম্ভাৱ্য উৎপত্তিস্থল পৰিদৰ্শন, জীৱন্ত মাখিৰ নমুনা সংগ্ৰহ জিলা প্ৰশাসনৰ নিস্ক্ৰিয়তাত ক্ষোভ প্ৰকাশ অঞ্চলবাসীৰ

অদ্ভুত প্ৰজাতিৰ মাখিৰ উপদ্ৰৱত ত্ৰস্তমান দিখৌমুখত উপস্থিত আই চি এম আৰৰ দল  সাম্ভাৱ্য উৎপত্তিস্থল পৰিদৰ্শন, জীৱন্ত মাখিৰ নমুনা সংগ্ৰহ জিলা প্ৰশাসনৰ নিস্ক্ৰিয়তাত ক্ষোভ প্ৰকাশ অঞ্চলবাসীৰ

 

দিখৌমুখৰ পৰা প্ৰণৱ খাটনিয়াৰ, প্ৰথম খবৰ, ২৩ এপ্ৰিলঃ

আজি কিছুদিন ধৰি শিৱসাগৰ জিলাৰ দিখৌমুখ অঞ্চলৰ একাংশ গাৱঁত এটা অদ্ভুত প্ৰজাতিৰ মাখিৰ আবিৰ্ভাৱ ঘটি ৰাইজক ত্ৰস্তমান কৰি তোলাৰ পৰিপ্ৰেক্ষিতত অৱশেষত অঞ্চলটোত আহি উপস্থিত হ’লহি ভাৰতীয় চিকিৎসা গৱেষণা কেন্দ্ৰৰ এটি গৱেষণা কাৰী দল৷ কেন্দ্ৰৰ ডিব্ৰুগড়স্থ পূৰ্বাঞ্চলীয় কাৰ্যালয়ৰ চাৰিজনকৈ বিজ্ঞানী আহি কালি ক্ষেত্ৰ পৰিদৰ্শন কৰা অঞ্চলটোৰ পৰা বিজ্ঞানীৰ দলটোৱে উক্ত বিশেষ প্ৰজাতিৰ মাখি বিধৰ আশ্ৰয়স্থল পৰিদৰ্শন কৰাৰ লগতে কেইবাটাও জীৱন্ত মাখিৰ নমুনাও সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য এই যে বিগত প্ৰায় এটা এপষেক পূৰ্বেই ক’ৰবাৰ পৰা আহি হঠাৎ অঞ্চলটোত আবিৰ্ভাৱ ঘটে সাধাৰণ মাখিতকৈ বহু পৰিমানে ডাঙৰ দীঘল পাখি যুক্ত ক’লা আৰু হালধীয়া ফুত থকা মাখি বিধৰ৷ বিশেষত অঞ্চলটোৰ মৰিদিখৌৰ দুয়োটা পাৰৰ সমীপত থকা ভৰলুৱা, উজনি ভৰলুৱা, ৰঘুবাৰী, ভেছেলিমাৰী, দীঘল ডৰিয়লি আদি গাওঁ সমূহত উদ্ভৱ হোৱা এইবিধ অদ্ভুত প্ৰজাতিৰ মাখিয়ে জাক পাতি উৰি সংশ্লিষ্ট গাওঁ সমূহৰ বহু বহুলোকক কামোৰি আক্ৰমন কৰাত ইতিমধ্যে শতাধিক লোক আক্ৰান্ত হ’বলগাত পৰিছে৷ প্ৰণিধানযোগ্য এই যে মাখিবিধে আক্ৰমন কৰা লোকজনৰ যি অংশতে কামোৰে সেই অংশ বহু পৰিমানে ফুলি উঠাৰ লগতে প্ৰচণ্ড খজুৱতিৰ সৃষ্টি হয়৷ ইতিমধ্যে এইবিধ পূৰ্বে দেখিবলৈ নোপোৱা মাখিয়ে অঞ্চলটোৰৰ বহু লোকক আক্ৰমন কৰি এক আতংকময় পৰিবেশৰ সৃষ্টি কৰাত অঞ্চলটোৰ এজন সচেতক ব্যক্তি ৰাজীৱ হাজৰিকাই বিষয়টো সন্দৰ্ভত আই চি এম আৰৰ ডিব্ৰুগড়স্থ আই এম আৰ চি কাৰ্যালয়ৰ বিষয়-ববীয়াক অৱগত কৰাৰ লগতে মাখি বিধৰ আলোকচিত্ৰও প্ৰেৰণ কৰিছিল৷ যাৰ পৰিপ্ৰেক্ষিতত কালি সংশ্লিষ্ট কেন্দ্ৰৰ বিজ্ঞানী তথা উপ সঞ্চালক
ড: দীপাঙ্কৰ বিশ্বাস আৰু জ্যেষ্ঠ গৱেষণা বিষয়া ড: প্ৰাঞ্জল বৰুৱা আৰু কাৰিকৰী বিভাগৰ কৰ্মচাৰী ৰবীন দলৈ আৰু পূৰ্ণানন্দ গগৈ আহি অঞ্চলটোত উপস্থিত হয়হি৷ চাৰিজনীয়া দলটোৱে অঞ্চলটোৰ দীঘল ডৰিয়লি গাৱঁত উপস্থিত হয় অন্যতম সমাজ সচেতক চৈতন্য নেওঁগ, বয়োজ্যেষ্ঠ ব্যক্তি অমূল্য নেওগৰ লগতে দিখৌমুখ জনজাতি উচ্চ মাধ্যমিকৰ প্ৰধান শিক্ষক ৰঞ্জন বড়া আৰু অন্যতম শিক্ষকদ্বয় বুবল দত্ত আৰু ৰাজীৱ দত্তৰ লগত মত বিনিময় কৰে৷ অন্যহাতে স্থানীয় ৰাইজৰ পৰা কাষৰ মৰিদিখৌৰ বুকুতে জাক পাতি এইবিধ বিশেষ প্ৰজাতিৰ মাখিয়ে আশ্ৰয় লৈ থকাৰ তথ্য লাভ কৰা দলটোৱে মৰিদিখৌ পৰিদৰ্শন কৰি কেইবাটাও জীৱন্ত মাখিও সংগ্ৰহ কৰে৷ বিজ্ঞানীৰ দলটোৱে পৰিদৰ্শন কালত অঞ্চলটোত একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰা এই বিধ মাখিৰ প্ৰজাতি ভাৰতীয় উপ মহাদেশতে পূৰ্বে দেখিবলৈ পোৱা নাই যোৱা আৰু তেনেস্থলত ক’ৰপৰা মাখিবিধৰ অঞ্চলটোত আৰ্বিভাৱ ঘটিল তাক লৈ আশ্চৰ্য প্ৰকাশ কৰে৷ অন্যহাতে উক্ত বিজ্ঞানীৰ দলটোৱে প্ৰাথমিক পৰিদৰ্শন কালত চিনাক্তকৰণ কৰিব নোৱাৰা এই বিশেষ প্ৰজাতিৰ মাখিবিধৰ সবিশেষ এনাট’ম’লজিকেল আৰু মলিকুলাৰ অধ্যয়ন কৰিহে ক’ব পৰা যাব বুলি জানিবলৈ দিয়ে৷ সেয়ে হ’লেও অৰুণাচলত পোৱা ডমডাম বা বিশ্বৰ অন্য প্ৰান্তৰৰ ব্লেক ফ্লাইৰ অন্তৰ্গত বহু প্ৰজাতিৰ এবিধ হ’ব পাৰে বুলিয়েই মত প্ৰকাশ কৰা বিজ্ঞানীৰ দলটোৱে
এইবিধ পতংগই কামোৰা এজন ব্যক্তিৰ দেহত কোনো ৰোগৰ সৃষ্টি বা সংক্ৰমণ হ’ব পাৰে নেকি সেয়াও গৱেষণাৰদ্বাৰা অন্ততহে ক’ব পৰা যাব বুলি অৱগত কৰে৷ লক্ষণীয় বিষয়টো হৈছে সাধৰাণ ৰাইজৰ লগতে চিকিৎসা গৱেষণা পৰিষদৰো চিন্তিত কৰি তোলা এইবিধ মাখিয়ে অঞ্চলটোত চলোৱা সন্ত্ৰাসৰ বিষয়ে ইতিমধ্যে সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ হোৱাৰ পিছতো শিৱসাগৰ জিলা প্ৰশাসনে অদ্যপৰিমিত উদ্বেগজনক নিস্ক্ৰিয়তা প্ৰদৰ্শন কৰাক লৈ স্থানীয় সচেতন মহলে তীব্ৰ আক্ষেপ প্ৰকাশ কৰিছে ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*