শেহতীয়া
Home / যুৱ / অসমীয়াৰ মান গামোছা

অসমীয়াৰ মান গামোছা

এগৰাকী শিপিনীৰ জাতিটোৰ প্ৰতি থকা সন্মান আৰু ত্যাগৰ প্ৰতিদান গামোছা,
এটা দৰিদ্ৰ পৰিয়ালৰ আশাৰ বন্তি গামোছা,
গামোছাৰ প্ৰতিদাল সূতাৰ হাড়ে হিমজুৱে সোমাই আছে এগৰাকী নাৰীৰ কঠোৰ পৰিশ্ৰম, আৱেগ অনুভূতি তথা জাতিটোৰ প্ৰতি থকা স্বাভিমান৷
কিন্তু বজাৰত এতিয়া শ্বদেশীৰ পৰিৱৰ্তে এচাম অসাধু চক্ৰই মুকলি কৰিছে বহিৰাজ্যৰ পৰা অহা গামোছা৷ টকা ঘটাৰ মূল লক্ষ হিচাপে প্ৰায় ১০০ জন অসমীয়া জাতিৰ ভক্ষক ব্যৱসায়ীয়ে লাখ লাখ টকা ব্যয় কৰি গুৱাহাটীকে ধৰি আন চহৰত চলাইছে আমদানিকৃত গামোছাৰ ৰমৰমিয়া বেহা৷ ৪০, ৫০ টকাত উপলদ্ধ গামোছা৷
তাৰ পৰিবৰ্তে চকুলো টুকিছে থলুৱাই৷ কাৰন হাতে বোৱা গামোছাৰ মূল্য তাৰ তুলনাত অধিক৷ অসমীয়াৰ বাপতি সাহোন বিহুটিত দুপইছা অৰ্জন কৰিবলৈ দিন ৰাতি একাকাৰ কৰি গামোছা তৈয়াৰ কৰি জাতিৰ মান হিচাপে বজাৰত মুকলি কৰি দিয়া সকলে গামোছাৰ উচিত মূল্য পালে জানো৷ নীৰৱ প্ৰশাসন তথা চৰকাৰ৷ নিয়ন্ত্ৰনহীন বজাৰ ব্যৱস্থা৷
কথাসাৰ মিছা নহয় মানুহ যত বিক্ৰী হয় জাতি তাত গৌণ হয়৷ সাৱধান বিহুৱান হিচাপে গামোছা কিনিবলৈ গৈ শ্বদেশীৰ পৰিৱৰ্তে বহিৰাগতক আকোৱালি নলব৷ কাৰন সমাজত এতিয়া প্ৰয়োজন অসহযোগিতাৰ ৰনকৌশল৷

✍ ভৃগু কুমাৰ কলিতা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*