অসমগোৱালপাৰা

আগিয়া মহাবিদ্যালয়ৰ ছাত্ৰী নিখোজ

আগিয়াৰপৰা উদ্ধৱ চন্দ্ৰ নাথ, প্ৰথম খবৰ: গোৱালপাৰা জিলাৰ ৰংছাই আৰক্ষী চকীৰ অন্তৰ্গত আৰু আগিয়া আৰক্ষী থানাৰ সীমা মূৰীয়া অঞ্চল দেউলি কৰাইবাৰীৰ ছাত্ৰী নিখোজ হোৱাৰ বাতৰিয়ে অঞ্চলটোত তীব্ৰ চাঞ্চল্য অব্যাহত আছে।

প্ৰাপ্ত বাতৰি মতে, যোৱা শনিবাৰে ৰাতিপুৱা ১০.০০ বজাত গিৰিশ কলিতাৰ জীয়ৰী তথা আগিয়া মহাবিদ্যালয়ৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰী বৰ্ণালী কলিতাই (২১) নিজা দুচকীয়া বাহন এ এছ ০১ বি পি ৯৯৬৪ নম্বৰৰ স্কুতিৰে পৰীক্ষাৰ বাবে আবেদন পত্ৰ দাখিল কৰিবলৈ গৈছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় উক্ত দিনৰ পৰাই স্কুতিৰে সৈতে ছোৱালীজনী আজিলৈ পিতৃ গৃহত উপস্থিত হোৱা নাই। প্ৰায় পাঁচ ফুট উচ্চতাৰ মিঠা বৰণৰ বৰ্ণালীৰ নিৰুদ্দেশৰ বাতৰিয়ে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ লগতে শংকাৰ সৃষ্টি হৈছে‌।

ইতিমধ্যে ছাত্ৰী জনীক উদ্ধাৰৰ বাবে পিতৃ গৃহৰ পৰা ৰংছাই আৰক্ষী থানাত আবেদন কৰাৰ লগতে, সোমবাৰে দুপৰীয়া গোৱালপাৰা জিলা নাথ যোগী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক মৃন্ময় দেৱ নাথ আৰু বালিজানা অঞ্চলিক নাথ যোগী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক জিন্টু নাথৰ উপৰিও ছাত্ৰ সংগঠনৰ এটা স্বজাতিও দলে ছোৱালী জনীক অতি সোনকালে উদ্ধাৰ কৰিবলৈ ৰংছাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইন্দ্ৰমোহন ডেকাক মৌখিক ভাৱে জনায়। ইতিমধ্যে ছোৱালীজনী হেৰোৱা সংক্ৰান্তত ভাৰতীয় দণ্ডবিধি আইনৰ ১৫ এপ্ৰিল ২০১৮ৰ আবেদন মৰ্মে ২৮৬ ধাৰা অনুযায়ী নিৰুদ্দেশ সংক্ৰান্তীয় গোচৰ ৰুজু কৰাৰ লগতে অসমৰ উপৰিও মেঘালয়ৰ আৰক্ষী থানা সমূহত ছোৱালী জনী উদ্ধাৰৰ বাবে ল’বলগীয়া ব্যৱস্থা সমূহ লোৱা হৈছে বুলি ৰংছাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Close