অসমশীৰ্ষ

আগুন্তক কলাইগাওঁ বিধান সভা সমষ্টিত নতুন প্ৰাৰ্থীৰ মুখ প্ৰায় নিশ্চিত 

 

দেওমৰনৈৰ পৰা নিৰঞ্জন শইকীয়া প্ৰথম খবৰ :

আগুন্তুক বিধান সভা নিৰ্বাচনত কলাইগাওঁ বিধান সভা সমষ্টিত নতুন মুখ দেখিবলৈ পোৱা যাব । অসমৰ ভিতৰতে পিছপৰা অৱহেলিত আৰু উপযুক্ত প্ৰতিনিধিৰ অভাৱত বাৰে বাৰে জীয়াতু ভোগা সৰ্ব সাধাৰণ ৰাইজ , আৰু বিশেষকৈ চচিয়েল মিডিয়াৰ জড়িত যুৱক- যুৱতী সকলে এইবাৰ নতুন মুখ বিচাৰিছে ।

দৰং আৰু ওদালগুৰী জিলাৰ জেষ্ঠ সাংবাদিক তথা সততে সামাজিক কামত জড়িত ব্যক্তি অতিকে নম্ৰ , ভদ্ৰ, অমায়িক আৰু সকলো ফালৰ পৰাই দক্ষ ব্যক্তি দিগন্ত কুমাৰ শৰ্মা দেৱৰ নাম চৰ্চিত হৈছে ।

কলাইগাওঁ সমষ্টিৰ বিভিন্ন সমস্যা তথা ভৱিষ্যত নিবনুৱা সকলৰ নিয়োগ হব পৰাকৈ কৰ্ম সংস্হাপন কৰিব লাগে । সেই উদ্দেশ্য কলাইগাওঁ সমষ্টিৰ যুৱক বৰ্তমান এখন মহাবিদ্যালয়ৰ কৰ্মচাৰী মৃদুল কলিতাই ফেচবুকত দিগন্ত কুমাৰ শৰ্মাক প্ৰাৰ্থী হিচাবে বিচাৰি এটি পোষ্ট লিখিছিল ।

সেই পোষ্টটিয়ে অতি কম সময়ৰ ভিতৰতে চৰ্চা লাভ কৰিছিল আৰু যথেষ্ট সংখ্যক মানুহে শুভেচ্ছা জনাইছিল ।

দিগন্ত কুমাৰ শৰ্মাৰ দৰে ব্যক্তি গৰাকীয়ে যদি কলাইগাওঁ সমষ্টিত নিৰ্বাচন খেলে কোনো দলীয় টিকটৰ প্ৰয়োজন নহয় বুলি দাবী জনায় । অতি জনপ্ৰিয় ব্যক্তি দিগন্ত কুমাৰ শৰ্মাই কিন্তু কলাইগাওঁ বাসী ৰাইজৰ দাবী মানি ৰাজনীতিত যোগদান কৰেনে নকৰে সেয়া কিন্তু এতিয়াও তেওঁ স্পষ্ট কৰা নাই । সমষ্টি বাসীৰ প্ৰায় ভাগ যুৱক যুৱতী আশাবাদী শৰ্মাই কম সময়তে সঠিক সিদ্ধান্ত গ্ৰহণ কৰি ৰাইজৰ মাজত জনপ্ৰিয় ভাৱে সমষ্টি আগুৱাই লৈ যাৱ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close