সভা-সমিতি

আমছুৰ নৱনিৰ্বাচীত সভাপতি ৰেজাউল কৰিম সৰকাৰলৈ অভিনন্দন

নিউজ ডেস্ক, প্ৰথম খবৰ: ৩১ মাৰ্চৰপৰা ২ এপ্ৰিললৈ তাৰিখে খাৰুপেটীয়া মহাবিদ্যালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ ১৪ তম অধিবেশন আৰু ৩৮ তম প্ৰতিষ্ঠা দিৱস শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী মৰ্মে ৩ এপ্ৰিলৰ দিনা প্ৰতিনিধি সভা অনুষ্ঠিত হয় উক্ত সভাত সভাপতিত্ব কৰে সভাপতি আজিজুৰ ৰহমানে। উক্ত প্ৰতিনিধি সভাত বহু সংখ্যক জিলা সমিতিৰ দাবীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ নৱ-নিৰ্বাচিত সভাপতি হিচাপে নিৰ্বাচিত হয় পূৰ্বৰ সমিতিৰ সাধাৰণ সম্পাদক হিচাপে প্ৰতিনিধিত্ব কৰি থকা ৰেজাউল কৰিম সৰকাৰ।

সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় আব্দুৰ ৰহমান বিশ্বাস আৰু ইমতিয়াজ হুছেইন। আমছু নৱ-নিৰ্বাচিত সমিতিৰ সভাপতি তথা সাধাৰণ সম্পাদকদ্বলৈ মৰিগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদকদ্বয় মনোৱাৰ হুছেইন আৰু জহিৰুল ইছলাম আৰু সম্পাদক মিৰ্জাফুৰ ৰহমানৰ লগতে জিলা সমিতিৰ অন্তৰ্গত মৰিগাঁও সদৰ আঞ্চলিক সমিতি আৰু জালুগুটি আঞ্চলিক সমিতিয়ে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।

আগন্তুক দিনত অসমৰ সংখ্যালঘু ৰাইজৰ আৰু আন আন জনগোষ্ঠী ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী হকে সংগ্ৰাম কৰি যাব বুলি আশা প্ৰকাশ কৰি এক প্ৰেছ বিবৃতি যোগে জনাই জিলা আমছুৰ সম্পাদক মিৰ্জাফুৰ ৰহমানে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close