অসমশীৰ্ষ

আস্থা নাই চৰকাৰ তথা পঞ্চায়তীৰাজ ব্যৱস্থাৰ ওপৰত, টিংখাঙত পথ নিৰ্মাণৰ বাবে অনুষ্ঠিত হৈছে উপহাৰ কুপনৰ খেল

 

 মাহমৰাৰ পৰা দীপক গগৈ, প্ৰথম খবৰ :

পৰত আস বনত বাস। হয় বছৰ বছৰ ধৰি চৰকাৰ তথা পঞ্চায়ত প্ৰতিনিধিৰ প্ৰতাৰণাৰ বলি হৈ আশাহত হৈ পৰিছে এখন গাঁৱৰ বাসিন্দা।  জনপ্ৰতিনিধিৰ ওপৰত আস্থা হেৰোৱা গাঁওবাসীয়ে অৱশেষত আশ্ৰয় ল’বলগীয়া হৈছে লটাৰি তথা ভাগ্য পৰীক্ষা খেলৰ।

ৰাইজে নখ জোকাৰিলে নৈ বয়, আপ্ত-বাক্য শাৰীকে যেন  সঁচা প্ৰতিপন্ন কৰিব বিচাৰিছে টিংখাঙৰ এখন পিছপৰা গাঁৱৰ ৰাইজে। স্বাধীনতাৰ সাতটা দশক পাৰ হোৱাৰ পাচতো বিধ্বস্ত বাট-পথৰ বাবে জ্বলাকলা খাই অহা গঞা ৰাইজে নিজে কান্ধ পাতি ল’ব লগা হৈছে পথ নিৰ্মাণৰ গুৰুদায়িত্ব।
এইখন টিংখাঙৰ ১ নং নাচনী গাঁও। বিধ্বস্তপ্ৰায় ১ নং নাচনী চুমনি পথাৰ পথটোৱে বছৰ-বছৰ ধৰি জ্বলাকলা খুৱাইছে বৃহত্তৰ অঞ্চলৰ ৰাইজক।

উন্নয়নৰ মুখ নেদেখা এই গুৰুত্বপূৰ্ণ পথটোৱেদি ১ নং নাচনী , চুমনি পথাৰ , গোহাঁই পথাৰ , কচলু , মাজপথাৰ , কপহুৱাকে আদি কৰি কেইবাখনো গাঁৱৰ ৰাইজে নিতৌ অহা-যোৱা কৰিবলগীয়া হয়।
আজিলৈকে এটাও শিলগুটি নপৰা পথটোত বাৰিষা আহিলেই  ঠায়ে-ঠায়ে একাঠু বোকা হয়। বোকাময় পথটোৰে এম্বুলেঞ্চ বা চাৰিচকীয়া গাড়ী সোমাব নোৱাৰাৰ বাবে ৰোগী আৰু প্ৰসুতিসকলে জীয়াতু ভোগ কৰিবলগীয়া হয়। আনহাতে বিদ্যালয়লৈ অহা-যোৱা কৰাৰ ক্ষেত্রতো চৰম সমস্যাৰ সন্মুখীন হৈ আহিছে ছাত্ৰ -ছাত্ৰীসকল। ইয়াৰ উপৰি যাতায়ত , বেপাৰ-বাণিজ্যৰ বাবে  ভীষণ সমস্যাৰ সন্মুখীন হয়  অঞ্চলটোৰ ৰাইজ।
পথটো নিৰ্মাণৰ বাবে প্ৰতিজন বিধায়ক তথা পঞ্চায়ত প্ৰতিনিধিৰ ওচৰত আবেদন কৰি কৰি ভাগৰি পৰিছে অঞ্চলবাসী। কিন্তু পালে মাথো বঞ্চনা- প্ৰতাৰনা।
যাৰবাবে পথটোৰ উন্নয়নৰ বাবে স্থানীয় ৰাইজে যোৱা এক ব’হাগত অনুষ্ঠিত কৰে এখন উপহাৰ কুপনৰ খেল। আৰু উপহাৰ কুপনৰ যোগেদি মুনাফা হোৱা সমুদায় ধন গাঁওবাসীয়ে খৰচ কৰিছে পথটোৰ মেৰামতিৰ কামত। গাঁৱৰ পুৰুষ-মহিলা সকলো উলাই আহি হাতে-কামে পথ নিৰ্মাণৰ কামত এতিয়া এনেদৰে উঠি-পৰি লাগিছে।

ইতিমধ্যে ভাগ্য পৰীক্ষা খেলৰ পৰা ৰাহি হোৱা টকাৰে ২৮ শ চেপ্টি শিল পথ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হৈছে। বাকি থকা ধনৰাশিৰে আৰু প্ৰায় ১৫ শ ছেপ্টি শিল পথটোত পেলাব পৰা যাব বুলি আশা পোষণ কৰিছে অঞ্চলবাসীয়ে।
অৱশ্যে কেৱল ৰাইজৰ প্ৰচেষ্টাৰে সম্পূৰ্ণ পথটো মেৰামতি সম্ভৱ নহয় বুলি উল্লেখ কৰি এইক্ষেত্ৰত পৰিবৰ্তনকামি চৰকাৰখনৰ পৰা সহাৰি বিচাৰিছে অঞ্চলবাসী ৰাইজ তথা স্থানীয় দল- সংগঠনে। ইয়াৰ অন্যথা আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰো হুংকাৰ প্ৰদান কৰিছে ক্ষুদ্ধ গাঁওবাসীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close