অসম

উজনিত গৰু চোৰৰ সন্ত্ৰাস

মৰাণৰপৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: মৰাণ থানাৰ আৰক্ষীয়ে বুধবাৰে পুৱতি নিশা ২.৩০ বজাত মৰাণ ৰাইদাং অভাৰ ব্ৰীজৰ ওপৰত এখন নম্বৰ প্লেট বিহীন টাটা চুম’ গাড়ী জব্দ কৰে। গাড়ীখনৰ ভিতৰত ৭ টা গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে। আনহাতে এটা গৰু মৃত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে, টিংখাঙৰ ফালৰ পৰা মৰাণৰ অভিমুখে আহি আছিল গাড়ীখন। আনহাতে জব্দ কৰাৰ পিছতে গাড়ী চালকসহ গৰু চোৰ কেইটা আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰে।

Related Articles

Leave a Reply

Close