প্ৰথম খবৰ, ধুবুৰী: ধুবুৰী চহৰত এগৰাকী বিবাহিত মহিলাৰ আত্মহত্যাৰ বাতৰিয়েই বুধবাৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনতে। মৃত মহিলা গৰাকী খাইৰুল আলম সেখৰ পত্নী সাহিমুন বিবি(৪৫) বুলি চিনাক্ত হৈছে।
উল্লেখ্য যে, এন আৰ চিৰ বাবে যাৱতীয় কাগজ-পাতি নথকাৰ বাবে ধুবুৰী ষ্টেচন ৰোডত মহিলা গৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে ৰাইজে। বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।