অসমবৰপেটাশীৰ্ষ

এন আৰ চিৰ সংযোগী নথিত জালিয়াতি বৰপেটাত স্বামী-স্ত্ৰীসহ আটক ৩

 

প্ৰথম খবৰ, বৰপেটাঃ

এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ চেষ্টাৰে নথি-পত্ৰ জালিয়াতি কৰি বৰপেটা আৰক্ষীৰ হাতত আটক হ’ল স্বামী-স্ত্ৰীসহ তিনিজন লোক ৷ সংযোগী নথি হিচাপে পঞ্চায়তৰ প্ৰমাণ পত্ৰ জালিয়াতি কৰি ৰঙা ঘৰৰ আলহী হোৱা লোককেইজন বৰপেটা থানাৰ অন্তৰ্গত দেৱৰাদি গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ আজি বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত বংশ বৃক্ষ পৰীক্ষণৰ সময়ত পৰিয়ালটোৰ জালিয়াতিৰ ঘটনা পোহৰলৈ আহে ৷ এন আৰ চি কৰ্তৃপক্ষৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি দ্বিতীয় বিবাহ কৰোৱা জুলমত আলী নামৰ লোক এজনে পূৰ্বৰ পত্নীৰ নামত থকা ভোটাৰ আই ডি কাৰ্ড, পান কাৰ্ড আদি জালিয়াতিৰে বৰ্তমানৰ পত্নীৰ নামত ব্যৱহাৰ কৰি আহিছিল ৷ প্ৰথমা পত্নী আম্মানত নেছাৰ ভোটাৰ তালিকাত নাম থকাৰ সুবাদত জুলমতে সকলো নথি-পত্ৰত প্ৰথমা পত্নীৰ নামটোকে দ্বিতীয় পত্নীৰ নাম হিচাপে ব্যৱহাৰ কৰি আহিছিল জুলমতে ৷ আনকি দ্বিতীয়া পত্নী ৰমেলা বেগমৰ নামত ২০১৫ চনত গাঁও পঞ্চায়তৰ সম্পাদকে প্ৰদান কৰা প্ৰমাণ পত্ৰখনো জুলমতে জালিয়াতিৰে আম্মাতন নেছাৰ নামত কৰোৱাই লৈছিল ৷ এন আৰ চিত বৰ্তমানৰ পত্নীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ পঞ্চায়তৰ এই ভুৱা প্ৰমাণ পত্ৰখনকে সংযোগী নথি হিচাপে ব্যৱহাৰ কৰিছিল জুলমতে ৷ আজি বংশ বৃক্ষ পৰীক্ষণৰ সময়ত দ্বিতীয়া পত্নীৰ পিতৃকো লগত আনিছিল জুলমতে ৷ দ্বিতীয় পত্নীৰ পিতৃয়েও এন আৰ চি কৰ্তৃপক্ষৰ আগত ৰমেলা বেগমক আম্মাতন নেছা বুলি দাবী কৰিছিল ৷ কিন্তু গাঁও পঞ্চায়তৰ সম্পাদকে আম্মাতন নেছাৰ নামত ব্যৱহৃত প্ৰমাণ পত্ৰখন ভুৱা বুলি চিনাক্ত কৰাৰ পিছতেই জুলমতৰ জালিয়াতিৰ সমস্ত ঘটনা পোহৰলৈ আহে ৷ সম্প্ৰতি জুলমত, ৰমেলা বেগম আৰু ৰমেলাৰ পিতৃ ৰমজান আলীক বৰপেটা সদৰ আৰক্ষী থানাৰ জিম্মাত ৰখা হৈছে ৷

Related Articles

Leave a Reply

Close