Home / অসম / কপাহেৰা শংকৰদেৱ বিদ্যা নিকেতনৰ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ কামৰ শুভাৰম্ভণি

কপাহেৰা শংকৰদেৱ বিদ্যা নিকেতনৰ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ কামৰ শুভাৰম্ভণি

প্ৰথম খৱৰ, জাজৰি: অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভক্ষণত সোমবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিম প্ৰান্তৰ কপাহেৰাৰ অগ্ৰণী শিক্ষানুষ্ঠান কপাহেৰা শংকৰদেৱ বিদ্যা নিকেতনৰ অতিৰিক্ত শ্ৰেণীকোঠাৰ নিৰ্মাণৰ ক‍ামৰ শুভাৰম্ভণি কৰা হয়।

২০১৬-২০১৭ বিত্তীয় বৰ্ষৰ আছুতীয়া পুজিৰ অধীনত নিৰ্মাণ হ’ব লগা অতিৰিক্ত শ্ৰেণীকোঠাৰ কামৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই। এই উপলক্ষে শিক্ষানুষ্ঠানৰখনৰ চৌহদত অনুষ্ঠিত আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়িকা গৰাকীৰ লগতে নিকেতনৰ প্ৰধান অাচাৰ্য্যকে প্ৰমুখ্য কৰি নিকেতনৰ সভাপতি, সম্পাদক অাৰু অঞ্চলৰ গণ্যমান্য ব্যক্তিৰ লগতে নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*