শেহতীয়া
Home / খেল / কমনৱেল্থ গেম্ছৰ ফাইনেলত মেৰিকম! ৰুপৰ পদক নিশ্চিত

কমনৱেল্থ গেম্ছৰ ফাইনেলত মেৰিকম! ৰুপৰ পদক নিশ্চিত

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰঃ পাঁচবাৰৰ বিশ্ব বিজেতা মেৰী কমে অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত চলি থকা ২১ তম কমনৱেল্থ গেম্পছৰ সপ্তম দিনৰ মহিলা বক্সিঙৰ ৪৫-৪৮ কিলোগ্ৰাম শাখাৰ বুধবাৰৰ ছেমিফাইনেলত শ্ৰীলংকাৰ অনুশা দিলৰুক্ষীক ৫-০ ছেদত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে৷

উল্লেখ্য যে, অলিম্পিকত স্বৰ্ণ পদক বিজয়ী মেৰি কমে প্ৰথমতে কমনৱেল্থ গেমছত কেতিয়াও পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল যদিও বুধবাৰৰ খেলত ফাইনেলত প্ৰৱেশেৰে মেৰিয়ে ৰূপৰ পদক পোৱাটো নিশ্চিত হৈছে৷ মেৰিকমে নিজৰ সুন্দৰ খেল প্ৰদৰ্শেনৰে আৰম্ভণিৰে পৰা বিৰোধী খেলুৱৈসকলক অস্বস্তিত পেলাবলৈ সক্ষম হৈছিল আৰু একতৰফীয়া খেলত মেৰিকমে আজি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*