শেহতীয়া
Home / অসম / কমাৰকুছিত আৰক্ষীৰ উদ্যোগত সজাগতা সভা সম্পন্ন

কমাৰকুছিত আৰক্ষীৰ উদ্যোগত সজাগতা সভা সম্পন্ন

প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলাৰ কমাৰকুছি আৰক্ষী চকীৰ উদ্যোগত ৰবিবাৰে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়।

কমাৰকুছিৰ উত্তম চন্দ্ৰ বুনিয়াদী বিদ্যালয় প্ৰাংগণত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা উক্ত সভাত বৃহত্তৰ বৰভাগৰ বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক কনক চন্দ্ৰ লহকৰৰ সভাপতিত্বত অনুস্থিত হোৱা উক্ত সজাগতা সভাত উপস্থিত থাকি নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই ভাষণ প্ৰসংগত অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত সমাজৰ যথেষ্ঠ অৰিহণা থকা বুলি মন্তব্য কৰে। সমাজত সৰু-বৰ অপৰাধজনিত ঘটনাক সমাজে গুৰুত্ব সহকাৰে লৈ তাক ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ সৈতে সহযোগ কৰি ৰোধ কৰিব পাৰে বুলি মন্তব্য কৰে।

উল্লেখ্য যে, কমাৰকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জগদীশ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা উক্ত সভাত শিক্ষক কনক চন্দ্ৰ শৰ্মা, হেমকান্ত শৰ্মা, গুণমনি ভূঞা, বাবুল ডেকা, পদুমী দাস, বিজুলী তালুকদাৰ, ফণীধৰ বৰুৱা, ব্ৰজেন কলিতা, লক্ষী কলিতা, পংকজ কলিতা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে সজাগতামূলক বক্তব্য প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*