শেহতীয়া
Home / সভা-সমিতি / কমিউনিষ্ট দল এছ ইউ চি আই(চি)ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

কমিউনিষ্ট দল এছ ইউ চি আই(চি)ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ৰূপহীহাটৰপৰা এম আবু হানিফা, প্ৰথম খবৰ: ভাৰতৰ যথাৰ্থ কমিউনিষ্ট দল এছ ইউ চি আই(চি)ৰ প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে দলৰ নগাঁও জিলা সাংগঠনিক কমিটিৰ উদ্যোগত পেন্চনাৰ ভৱন, নগাঁওত এখনি আলোচনা সভা অনুষ্ঠিত হয়।

উক্ত সভাত সভাপতিত্ব কৰে দলৰ নগাঁও জিলা সাংগঠনিক কমিটিৰ সম্পাদক কমৰেড বৰ্নালী শৰ্মাই। আলোচনা সভাত নিৰ্দিষ্ট বক্তা হিচাবে বক্তব্য ৰাখে দলৰ অসম ৰাজ্যিক কমিটিৰ অন্যতম সদস্য কমৰেড আব্দুছ ছবুৰে।

কমৰেড ছবুৰে তেওঁৰ বক্তব্যত আলোচনা প্ৰসংগত কয় যে, বিপ্লৱৰ আঘাতেৰে দেশৰ শোষণমূলক পুজিঁবাদী ব্যৱস্থাক উচ্ছেদ কৰি শোষণহীন সমাজতান্ত্ৰিক ব্যৱস্থা প্ৰৱৰ্তন কৰিব নোৱাৰালৈকে মাথোন ভোটৰ জৰিয়তে চৰকাৰ পৰিৱৰ্তনৰ মাজেৰে জনজীৱনৰ মৌলিক সমস্যাৰ সমাধান কেতিয়াও সম্ভৱ নহয়। আকৌ এই বিপ্লৱৰ বাবে এটা যথাৰ্থ বিপ্লৱী দল অপৰিহাৰ্য। এই অপৰিহাৰ্য চৰ্ত পুৰণৰ অৰ্থেই মহান নেতা কমৰেড শিৱদাস ঘোষে গঢ়ি তোলে এই দলটো। মঙ্গলবাৰে মুক্তিকামী যিকোনো ব্যক্তি এই দলক বুজি পোৱা, ইয়াৰ লগত যুক্ত হোৱা তথা ইয়াক শক্তিশালী কৰাৰ বাহিৰে বিকল্প নাই। সেয়ে সচেতন বিচাৰেৰে এই দলক শক্তিশালী কৰাৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*