শেহতীয়া
Home / অসম / কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ত কেৰিয়াৰ আৰু উদ্যোমিতা উন্নয়নৰ ওপৰত আলোচনা চক্ৰ সম্পন্ন

কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ত কেৰিয়াৰ আৰু উদ্যোমিতা উন্নয়নৰ ওপৰত আলোচনা চক্ৰ সম্পন্ন

কলগাছিয়াৰপৰা আব্দুল হাই, প্ৰথম খবৰ: বৰপেটা জিলাৰ কলগাছিয়াস্থিত নৱজ্যোতি মহাবিদ্যালয়ৰ সভা কক্ষত মঙ্গলবাৰে পুৱা ১১ বজাত কলেজ খনৰ প্ৰয়াস গোটৰ উদ্যোগত আৰু হেল্পলাইন ফাউণ্ডশ্বনৰ সহযোগত যুৱপ্ৰজন্মৰ কেৰিয়াৰ আৰু উদ্যোমিতা উন্নয়নৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়।

নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ছাহজাহান আলী আহমেদৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰটোৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰয়াসৰ সমন্বয়ক মেৰিনা আহমেদ আৰু সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে অধ্যাপিকা পাঞ্চালী বৈশ্যই।

অনুষ্ঠানটোত মুখ্য আলোচক হিচাপে উপস্থিত থাকি নৰ্থ ইষ্ট ইউথ ফাউণ্ডেচনৰ সঞ্চালক তথা বিশিষ্ট কেৰিয়াৰ মেন্টৰ আৰু মটিবেশ্যনাল স্পীকাৰ ৰঞ্জন কুমাৰ বৰুৱাই যুৱপ্ৰজন্মৰ কেৰিয়াৰ আৰু উদ্যোমিতা সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াই যুবক-যুৱতী সকলে ভৱিষ্যত কেৰিয়াৰ সম্পৰ্কে লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে বুলি আহ্বান জনায়। আলোচনা চক্ৰত কমনিকেশ্বন স্কীল ডেভেলপমেন্টৰ অন্যতম সমল ব্যক্তি শ্বামিম আখতাৰ, হেল্পলাইন ফাউণ্ডেচনৰ সভাপতি শ্বাফিউল হাছান, অধ্যাপক বি কে শ্যামল, ডঃ শ্বাহজামাল সেইখ সহ প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*