অসম
কলগাছিয়াৰ ৰামপুৰত পুৱতি নিশা অগ্নিকাণ্ড

কলগাছিয়াৰপৰা আব্দুল হাই, প্ৰথম খবৰ: কলগাছিয়াৰ ৰামপুৰত পুৱতি নিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত গাঁওখনৰ ৰূপভানু নামৰ বিধবা মহিলা এগৰাকীৰ এটা চৰকাৰী বাস গৃহ সহ লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত হয়। এই অগ্নিকাণ্ডত মহিলা গৰাকীৰ যাৱতীয় নথি-পত্ৰ আদিও জুইত জাহ যায়।